সমললৈ যাওক

পৃষ্ঠা:কবিতা আৰু দৰ্শন.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিত! আৰু দৰ্শন wwww মই এপাহী সৰু ফুলভ এট প্ৰাণ সৌন্দৰ্য্যৰ কোলাত লুকাই থকা অনুভব কৰো। ম‍ই বিশ্বাস কৰে৷ যে বিহাৰ কৰুণ সুৰত প্ৰকৃতি স্বয়ং প্ৰকাশ পায়। মই পৃথিবীত এটা ‘সৃজনক্ষম আদৰ্শ' অহৰহ ঘূৰি ফুৰা বিশ্বাস কৰো, যি হৈছে 'স্বৰ্গ'; আৰু এই স্বৰ্গৰ আদৰ্শ কাল্পনিক ছাঁয়া নহয়, কিন্তু চৰম বাস্তবিকতা - যি বাস্তবিকতাত উপনীত হবৰ কাৰণে আজি জগতৰ সকলো বস্তু ধাবমান। মোৰ মনত এই ধাৰণা আছে যে পূব আকাশৰ হেঙ্গুলী সূৰ্য্যৰ কিৰণত, শঙ্গ-ভৰা শ্বামল ধৰণীত, কুলু কুলু, ৰবে প্ৰবাহিত নদীত, বসস্তুৰ সোভিত, আৰু শীতকালৰ ঊষাৰ নিদ্ৰাত স্বৰ্গৰ ছায়া দেখিবলৈ পোৱা যায়। পৃথিবীৰ সকলো ঠাইলৈ স্বৰ্গৰ প্ৰাণ সজাগ হৈ আছে আৰু স্বৰ্গৰ কণ্ঠস্বৰ সকলো ঠাইত বিৰাজ কৰিছে।” ৰবাদ্ৰনাথৰ প্ৰকৃতিলৈ ভাল পোৱা আৰু প্ৰেম ইমান প্ৰগাঢ় যে তেওঁলৈ প্ৰকৃতিৰ প্ৰতি দৃষ্টিয়েই সৌন্দৰ্যৰ অনুপম চিহ্ন স্বৰূপ। ৰবীন্দ্ৰনাথলৈ এদাল ক্ষুদ্ৰ ছবী বনেও, অথবা, অকণমান বালিৰ কণিক। মাত্ৰই অজান দেশৰ বাতৰি আনে। তেওঁৰ মানত প্ৰতি ফুল পাহিয়েই পূজাৰ প্ৰতিবিম্ব স্বৰূপ; — প্ৰতি মালাধাৰ, - গীতাঞ্জলী; প্ৰতি অৰণ্যই এটি মন্দিৰ স্বৰূপ;—আৰু প্ৰতি শাহাড়ৰ টিংয়েই পৰমেশ্বৰৰ বাসস্থান। প্ৰবাহিত পানীৰ সোঁতৰ ধ্বনি, শুকান পাতৰ মৰমৰনি শব্দ, বিহৰ গান এই সকলো বিশাকেই কেৱল পৰমেশ্বৰৰ গুণ বৰ্ণনা। ৰবীশকুৰৰ বিশ্বাত্মাৰ ওপৰত দৃঢ় বিশ্বাস আছে— যাৰ এই বিশ্বাস নাই তেওঁ কেতিয়াও কবি হব নোৱাৰে। আমাৰ উলঙ্গ চকুত সমুদ্ৰৰ দৃত বা সূৰ্য্যৰ পোহৰ বেলে সাধাৰণ, > Creative Ideal.