পৃষ্ঠা:কনফুচিয়াছ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
কনফুচিয়াছ

 ডিউক আৰু ৰাজবিষয়াৰ কৰ্ত্তব্য-বিমুখতাত তেওঁ বৰ বিৰক্ত হ’ল আৰু এই দেশ ত্যাগ কৰিবলৈ লোৱা সিদ্ধান্ত ডিউক জনালে। কনফুচিয়াছে লু প্ৰদেশ ত্যাগ কৰিব বুলি জনাজাত হোৱাত দাঁতিকাষৰীয়া ৰাজ্যৰ শাসকসকলে বৰ আনন্দ পালে। সিহঁতৰ ষড়যন্ত্ৰ ইমান সহজে ফলিয়াব বুলি সিহঁতে ভবা নাছিল। সিহঁতে লু প্ৰদেশৰ সম্পদ আৰু শক্তি সহ্য কৰিব নোৱাৰা হৈছিল আৰু এই সম্পদ, শক্তি আৰু শান্তিৰ শিল্পী কনফুচিয়াছক আঁতৰাবলৈহে সিহঁতৰ অপচেষ্টা আছিল।

 কনফুচিয়াছে লু প্ৰদেশ ত্যাগ কৰি স্বেচ্ছাকৃত নিৰ্বাসন-যাত্ৰা আৰম্ভ কৰিলে। যদিও লু প্ৰদেশৰ সম্পদ আৰু শক্তিত অসহিষ্ণু দলটোৱে তেওঁ দেশ এৰি যোৱাটোকে বাঞ্ছা কৰিছিল আনপিনে কনফুচিয়াছৰ গুণমুগ্ধ শিষ্যসকল শোকত ম্ৰিয়মান হৈছিল। তেওঁৰ লগতে তেওঁৰ অনুগত শিষ্যৰ বিৰাট দল এটাই সমদল যাত্ৰা আৰম্ভ কৰিলে। কনফুচিয়াছে বঢ়াই বুজাই কিছুমানক এৰিলে। তথাপিও এটা বিৰাট দল কনফুচিয়াছৰ লগ এৰি থাকিবলৈ মান্তি নহল। প্ৰজাৰ সুখ আৰু হিত কামনা কৰা কৰ্ত্তব্যপৰায়ণ ৰজা বিচাৰি কনফুচিয়াছে বাট ললে।

 শিষ্য আৰু অনুগত লোকসকলৰ সমদলেৰে কনফুচিয়াছ নিজ জন্মভূমি লু প্ৰদেশ ত্যাগ কৰি গুছি আহিল। জন্মভূমি ত্যাগ কৰিবলৈ তেওঁৰ অকণো ইচ্ছা নাছিল। যাও নাযাওকৈ