পৃষ্ঠা:কনফুচিয়াছ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
কনফুচিয়াছ

অতি অনিচ্ছাৰে তেওঁ বাট ললে। বাটত ওলাইও কনফুচিয়াছে বাৰে বাৰে পিছলৈ উভতি চাইছিল কিজানি অনুতপ্ত হৈ ডিউকে তেওঁক ঘূৰাই নিবলৈ মানুহ পঠিয়াইছেই। কিন্তু কোনো দূত নাহিল। ভোগবিলাসত সাতুৰি নাদুৰি মত্ত হৈ থকা ডিউকৰ মনলৈ তেনে চিন্তা প্ৰবেশৰ পৰিবেশ অনুকুল নাছিল।

 দ্বিতীয়বাৰৰ বাবে কনফুচিয়াছে স্বেচ্ছাই নিৰ্ব্বাসন ললে। তেওঁ মাত্ৰ তিনি বছৰ লু প্ৰদেশত চাকৰি কৰিছিল আৰু এই তিনি বছৰৰ ভিতৰতে দেশত নতুন ৰূপ দিব পাৰিছিল। লু প্ৰদেশত যেতিয়া তেওঁৰ নিৰ্ম্মিত সুশাসনৰ সৌধ ভাঙি-চিঙি ভগ্নস্তুপত পৰিণত হ’ল আৰু তাৰ পুনৰ্নিৰ্ম্মাণৰ চেষ্টাত কোনোৱে সঁহাৰি নিদিয়া হ’ল তেতিয়া কনফুচিয়াছে তাত এলাগী হৈ লাগি থকাৰ প্ৰয়োজন নেদেখিলে। তেওঁ বিচাৰি ওলাল এনে এজন ৰজা বা শাসক যিজনে তেওঁৰ ৰাজ্য কনফুচিয়াছৰ তত্ত্বাবধানত এৰি দিব আৰু তাক আদৰ্শ ৰাজ্যত পৰিণত কৰিবলৈ প্ৰয়োজনীয় সকলো সংস্কাৰ প্ৰবৰ্ত্তনৰ ক্ষমতা আৰু দায়িত্ব তেওঁক অৰ্পণ কৰিব।

 নিজৰ দেশ এৰি সুদীৰ্ঘ পোন্ধৰ বছৰ কাল কনফুচিয়াছে চীনৰ ই প্ৰান্তৰ পৰা সি প্ৰান্তলৈ ৰাজ্যে ৰাজ্যে তেওঁৰ কামনাৰ বস্তু বিচাৰি ঘূৰি ফুৰিলে। দুখ কষ্ট, যাতনা আৰু হতাশা তেওঁৰ লগৰীয়া হ’ল কিন্তু তেওঁৰ আদৰ্শৰাজ্যৰ সপোন দিঠকত গঢ় দিবলৈ তেওঁ কতো সুযোগ নাপালে।

 এইদৰে ঘূৰি ফুৰোতে কনফুচিয়াছে কোনো কোনো ঠাইত