পৃষ্ঠা:কনফুচিয়াছ.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
কনফুচিয়াছ

ফুৰিব ধৰিলে। অকল ডিউকেই নহয়, ৰাজসভাৰ দায়িত্বশীল পদত অধিস্থিত কৰ্ম্মচাৰীসকলেও সজীৱ মাংস-পুতলাবোৰৰ লগত খেলি থাকি ৰাজকাৰ্য্য সম্পূৰ্ণভাবে নেওচা দিলে। বিষবৃক্ষ স্বৰূপ উপহাৰৰ শিপা গোটই ৰাজধানীতে ভালকৈ শিপালে আৰু অলপ দিনৰ ভিতৰতে আদৰ্শৰাজ্য লু কলুষত পোত গ’ল। সমৃদ্ধিশালী লু প্ৰদেশ শ্ৰীহীন হৈ পৰিল। দেশ দুৰ্নীতিত উটি গ’ল। মানুহে বেয়া কাম কৰিবলৈ বেয়া নোপোৱা হ’ল। অপৰাধৰ সংখ্যা বাঢ়িল। আইন আদালতৰ প্ৰয়োজন বাঢ়িল আৰু কাৰাগাৰ কয়দীৰে ভৰি পৰিল। কনফুচিয়াছৰ নিৰ্ম্মিত আদৰ্শ ৰাজ্য অতীতৰ স্মৃতিত পৰিণত হ’ল।

 কনফুচিয়াছে অন্তৰত বৰ আঘাত পালে। তেওঁৰ হাতে গঢ়া দেশৰ শ্ৰী দুদিনতে লেৰেলি গ’ল। আটাইবোৰ সজ অনুস্থানতে কেৰোণ সোমাল আৰু সকলো চেষ্টা অথলে গ’ল। তেওঁৰ সজ বাণীত কোনোৱে কাণ নিদিয়া হ’ল। কনফুচিয়াছে লু দেশ ত্যাগ কৰিবলৈ স্থিৰ কৰিলে। তেওঁ আক্ষেপ কৰি কবলৈ ধৰিলে “মই যদি এজন শাসক পালোহেঁতেন যি মোৰ কথা মতে চলে আৰু মোৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখে, তেন্তে এতিয়াও মোৰ কল্পিত আদৰ্শৰাজ্যক বাস্তবত স্থায়ী ৰূপ দিব পাৰিলোহেঁতেন। মোৰ আদৰ্শৰাজ্যত মানুহৰ অজ্ঞতা, দৰিদ্ৰতা, অসন্তুষ্টি নাথাকে— মানুহ সৎ আৰু সত্যান্বেষী হয়।” কিন্তু কোনোৱে তেওঁৰ কথাত সঁহাৰি নিদিলে।