পৃষ্ঠা:কনফুচিয়াছ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৭
কনফুচিয়াছ

একেবাৰেই শিথিল হৈ পৰে আৰু এই কেন্দ্ৰীয় প্ৰশাসনৰ শিথিলতাৰ সুযোগতে দেশত অসংখ্য সৰু সৰু ৰাজ্য গঢ়ি উঠে। এই সৰু সৰু ৰাজ্যবোৰত একোজন ৰজাই ৰাজত্ব কৰিছিল। এই ৰাজ্যবোৰৰ মাজত বৰ মিলাপ্ৰীতি নাছিল আৰু সততে যুজ-বাগৰ লাগিয়েই আছিল। সেইকাৰণে সেইসময়ত বলী আৰু সাহসী মানুহৰ বৰ সমাদৰ আছিল।

 শ্বুহলিয়াঙহেইহ্ বৰ ক্ষমতাপন্ন হৈ উঠিছিল আৰু সৈন্য পৰিচালনাত তেওঁ বৰ পটু আছিল। তেওঁ সুদক্ষ সৈন্য পৰিচালনাৰ বাবেই তেওঁৰ ৰাজ্য অপৰাজেয় আছিল। যুদ্ধ বিভীষিকাৰ পৰা নিষ্কৃতি পোৱা বাবে ৰাজ্যৰ প্ৰজাসকল বৰ সুখত আছিল আৰু সকলোৱে শতমুখে শ্বুহলিয়াঙক প্ৰশংসা আৰু সন্মান কৰিছিল। ৰজা, প্ৰজা সকলোৰে পৰা সন্মান সমাদৰ পাই তেওঁ অধিক কৰ্ত্তব্যপৰায়ণ হৈছিল আৰু সুখশান্তি ৰক্ষা কৰি ৰাজ্যখন অধিক সমৃদ্ধিশালী কৰাটোৱেই তেওঁ জীৱনৰ ব্ৰত হিচাবে লৈছিল।

 অশেষ ক্ষমতা আৰু সন্মানৰ গৰাকী হলেও এটা কথাৰ কাৰণে তেওঁ বৰ সুখী নাছিল। তেওঁৰ লৰা সন্তান নাছিল। এটি এটিকৈ শ্বুহলিয়াঙৰ ন-জনী ছোৱালী জন্মিল কিন্তু পুত্ৰমুখ নেদেখিলে। সেইসময়ত চীনদেশত ছোৱালীৰ বৰ আদৰ নাছিল। ছোৱালীৰ বয়স হলেই বিয়াবাৰু দি উলিয়াই দিব লাগে। ছোৱালী বোৱাৰী হৈ গিৰিয়েকৰ ঘৰ ধৰিব কিন্তু বুঢ়াকালত মাক বাপেকক চাবলৈ সিহঁতৰ অবসৰো নাই,