সমললৈ যাওক

পৃষ্ঠা:কনফুচিয়াছ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
কনফুচিয়াছ

আৰু ৮ম শতিকাত ৰচিত হোৱা আৰু মুখে মুখে চলি অহা লোকগীতি বোৰৰ পৰাই অনুমান কৰিব পাৰি।

 এনে বৈপ্লবিক পৰিস্থিতিয়ে মানুহৰ মনত স্বাধীন চিন্তাৰ সমল যোগাইছিল আৰু এই কালছোৱাই প্ৰাচীন চীনৰ ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিছিল। প্ৰশাসন, নৈতিক জীৱন, ধৰ্ম্ম, সমাজ-ব্যৱস্থা আদি সকলো ক্ষেত্ৰতে সংস্কাৰৰ একান্ত প্ৰয়োজন হৈছিল আৰু যোগ্যলোকৰ নিৰ্দ্দেশ যুগে আহ্বান কৰিছিল। যেতিয়া ৰাজনৈতিক খেলিমেলিত চীনৰ জনসাধাৰণৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছিল, যুগ যুগ ধৰি চলি অহা সামাজিক, নৈতিক, সাংস্কৃতিক ঐতিহ্য অৱহেলিত আৰু অনাদৃত হৈ পৰিছিল, সেই সন্ধিক্ষণত জনগণৰ আশাৰ প্ৰদীপ লৈ গৌৰবময় ঐতিহ্য ৰক্ষা কৰিবলৈ কনফুচিয়াছৰ আবিৰ্ভাব হৈছিল।

 চীনদেশৰ লু প্ৰদেশৰ ছাও জিলাত হোৱাংহো নদীৰ দাঁ‌তিকাষৰীয়া এখন ঠাইত প্ৰায় আঢ়ৈ হাজাৰমান বছৰৰ আগেয়ে প্ৰসিদ্ধ শ্বু বংশত শ্বুহলিয়ঙহেইহ্ নামেৰে এজন বৰ ক্ষমতাপন্ন লোক আছিল। তেওঁ বৰ বলী, সাহসী আৰু দেখাতো বৰ ডাঙৰ-দীঘল পুৰুষ আছিল। তেওঁৰ শৌৰ্য্য-বীৰ্য্য সম্পৰ্কে গোটেই দেশতে নানাপ্ৰকাৰৰ জনশ্ৰুতি প্ৰচলিত হৈছিল। তেওঁ চীনৰ ৰাজবংশৰ লোক আছিল আৰু পীত সাগৰৰ দাঁতিত থকা পীতনদীৰ উপকুলৰ ছাওছিলাৰ সেনাধিনায়ক আছিল। সেইসময়ত চীনসাম্ৰাজ্যৰ আভ্যন্তৰীণ প্ৰশাসন