পৃষ্ঠা:কনফুচিয়াছ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
কনফুচিয়াছ

সুযোগো নাই। এতেকে পুত্ৰসন্তানৰ অবিহনে ভাটিবয়সত মানুহ নিৰাশ্ৰয় হৈ পৰে। এই ঐহিক অসহায় অৱস্থাৰ উপৰিও পাৰলৌকিক প্ৰয়োজনৰ বাবেও পুত্ৰসন্তানৰ সুকীয়া স্থান আছে। চীনদেশত সেই সময়ত প্ৰচলিত ৰীতি অনুসৰি পুতেকেহে পিতৃপুৰুষসকলৰ শ্ৰাদ্ধ, প্ৰেতকৰ্ম্ম আদি কৰিব পাৰে। ছোৱালীয়ে গিৰিয়েকৰ পিতৃপুৰুষৰহে শ্ৰাদ্ধাদি কৰিব পাৰে, নিজৰ পিতৃপুৰুষৰ লগত কোনো সম্বন্ধ নাথাকে। অবিবাহিতা হৈ থকা ছোৱালীৰ কথা তেতিয়াৰ সমাজে ভাবিব নোৱাৰিছিল আৰু ছোৱালীৰ কোনো ব্যক্তি-স্বাধীনতাও নাছিল। এতেকে নজনী ছোৱালীৰ পিতা হৈও এটিও পুত্ৰসন্তান নথকাত বংশ লোপ হোৱাৰ আশঙ্কাই শ্বুহলিয়াঙৰ অন্তৰত বৰ দুখ দিছিল। নিজৰ বংশ ৰক্ষাৰ বাবে আৰু উপৰি পুৰুষসকলৰ ক্ৰিয়াকাণ্ড যাতে লোপ নাপায় তাৰ বাবে তেওঁ সদায় পুত্ৰকামনা কৰিছিল আৰু পুত্ৰৰ উদ্দেশ্যে গিৰিয়েক ঘৈণীয়েক দুয়ো ব্ৰত, উপাসনা, পূজা পাতল আদি কৰিছিল। শ্বুহলিয়াঙে কেইবাবাৰো বিয়া কৰায় আৰু অৱশেষত তেওঁৰ ৭০ বছৰ বয়সত তেওঁৰ ন ঘৈণীয়েক চীঙছাইৰ এটি পুত্ৰ জন্মে। এই লৰাটিৰ নাম চিউ ৰাখিলে। এই চিউয়েই পিছত কনফুচিয়াছ নামে প্ৰখ্যাত হয়। কনফুচিয়াছে খৃঃ পূঃ ৫৫১ চনত জন্মগ্ৰহণ কৰে।

* * * *

 কনফুচিয়াছৰ জন্ম সম্বন্ধে এটা আখ্যান চীনদেশত প্ৰচলিত আছে। চীঙছাই অন্তসত্বা হোৱাৰে পৰা যাতে তেওঁৰ পুত্ৰ