পৃষ্ঠা:কনফুচিয়াছ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
কনফুচিয়াছ
 

কনফুচিয়াছ

 

 যুগৰ পৰিস্থিতিয়ে মহৎ লোকৰ সৃষ্টি কৰে— এই বচন ফাঁকি কনফুচিয়াছৰ ক্ষেত্ৰত ভালকৈ খাটে। কনফুচিয়াছ আছিল যুগমানব। খৃঃ পূঃ ষষ্ঠ শতিকাত চীনৰ আভ্যন্তৰীণ অৱস্থাই কনফুচিয়াছৰ দৰে এজন তীক্ষ্ণধী, জনগণৰ পথপ্ৰদৰ্শক মহান ব্যক্তিৰ আবিৰ্ভাবৰ ক্ষেত্ৰ প্ৰস্তুত কৰি ৰাখিছিল। প্ৰায় এহাজাৰ বছৰ ৰাজত্ব কৰাৰ পিচত খৃঃ পূঃ ১১২৫ চনত শ্বাং (Shaug) বংশৰ ক্ষমতাৰ ওৰ পৰে। তাৰ পৰাই চীনত নানা প্ৰকাৰৰ ৰাজনৈতিক বিপৰ্য্যয় দেখা দিয়ে। প্ৰায় পাঁচশ বছৰ কাল ধৰি চীনত অসংখ্য সৰু সৰু ৰাজ্য গঢ়ি উঠে আৰু এই ৰাজ্য বোৰৰ মাজত যুদ্ধ-বিগ্ৰহ হৈ চীনৰ ৰাজনৈতিক অৱস্থাত অস্থিৰতাই দেখা দিয়ে। এই কালহোৱাত চৌবংশৰ সম্ৰাটসকলে চীনত ৰাজ কৰিছিল। চৌবংশৰ সম্ৰাটসকলৰ ৰাজত্বৰ শেষৰ ছোৱাত কেন্দ্ৰীয় শাসন একেবাৰেই শিথিল হৈ পৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ দুৰ্ব্বলতাৰ সুযোগ লৈ ক্ষমতাপন্ন সামন্তসকলে স্বাধীনতা ঘোষণা কৰি সাৰ্ব্বভৌম ৰজা হিচাবে চীনক অসংখ্য ৰাজ্যত বিভক্ত কৰি দেশত আউল লগাইছিল। এনে অশান্ত পৰিস্থিতিত বহুকাল ধৰি চলি অহা ৰীতি-নীতি সমাজ-ব্যবস্থা সকলো ছিন্নভিন্ন হৈ যায়। মানুহৰ মনত এটা গভীৰ হতাশাই স্থান পাইছিল। সেই সময়ত জনসাধাৰণে কিমান দুখ-দুৰ্গতি ভোগ কৰিব লগা হৈছিল তাক খৃঃ পূঃ ৭ম