এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
পৰিশিষ্ট
| ১২১। | কুচিন্তা নকৰিবা। কুচিন্তাই মন কলুষিত কৰে। |
| ১২২। | অলৌকিক আৰু অপ্ৰাকৃতিক বিষয়ে বেচি চিন্তা কৰা আৰু অধ্যয়ন কৰা অনিষ্টকৰ। |
| ১২৩। | তোমাৰ সমুখত থকা কৰ্ত্তব্য যদি অবহেলা কৰা তেন্তে ই তোমাৰ নৈতিক সাহসৰ অভাবহে সূচনা কৰিব। |
| ১২৪। | সাৱধান লোকৰ বিপদ নাই। সতৰ্ক লোকে কাচিৎহে ভুল কৰে। |
| ১২৫। | কোনো মানুহে তোমাৰ ওচৰলৈ আহিলে তেওঁক ভাল মানুহ বুলিয়েই গ্ৰহণ কৰিবা। |
| ১২৬। | অমিতব্যয়ী হলে গৰ্ব্বিত হয়, অতি-হিচাবী হলে কৃপণ হয়। |
| ১২৭। | ক্ষমতাৰ মোহ আৰু দাৰিদ্ৰ্যৰ ভয় ৰাষ্ট্ৰদ্ৰোহৰ উৎপাদক। |
| ১২৮। | বিপদতহে মানুহ চিনা যায়। |
| ১২৯। | যুদ্ধলৈ যোৱাৰ আগতে সৈন্যসকলে অন্ততঃ সাতবছৰ সাধুলোকৰ সঙ্গত শিক্ষা লব লাগে। অশিক্ষিত জনসমুদ্ৰ যুদ্ধত নমাই দিয়া মানে সিহঁতক দলিয়াই পেলোৱা। |
| ১৩০। | যত শিক্ষাৰ পোহৰ পৰিছে তাত শ্ৰেীবিভাজন নাই। |
| ১৩১। | যৌবনত লোলুপতা, কলহপ্ৰিয়তা আৰু অতিলোভ বৰ্জ্জনীয়। |