এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
কনফুচিয়াছ
| ১৩২। | আগলৈ নাচাই খোজ দিলে বিপদ ভৰিৰ তলতে পাবা। |
| ১৩৩। | নিজে বেচি দিবা, পৰৰ কম লবা, তেহে ঘৃণাৰ হাত সাৰিবা। |
| ১৩৪। | যাৰ ঘৰত নিৰ্জ্জনতা নাই তাৰ মন দূৰলৈ যাব নোৱাৰে। |
| ১৩৫। | যাৰ মুখত অলপো বিষাদৰ ছাঁ নাই তেওঁৰ চিন্তা গভীৰ নহয়। |
| ১৩৬। | কিনকিনিয়া বৰষুণত পুথি পঢ়িবা, শীতল বা বলিলে বীণ বজাবা। |
| ১৩৭। | দাৰিদ্ৰ্যই অভিশাপ নহয়, উচ্চাকাঙ্ক্ষাবিহীন দৰিদ্ৰতাহে অভিশাপ। |
| ১৩৮। | কুশাসন বাঘকৈও ভয়ানক। |
| ১৩৯। | মুৰ্খপুত্ৰই ঘৰ নাভাঙে, বুধিয়ক পুত্ৰইহে ঘৰ নষ্ট কৰে। |
| ১৪০। | আত্মসংযম নহলে নম্ৰতা অসহনীয় হয়, আৰু সাবধানতা ভয়াতুৰত, সাহস হিংসাত আৰু সৰলতা অশিষ্টতাত পৰিণত হয়। |