পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৩
কদম-কলি

(গীত)

(সুৰ—বিশ্ৰবেহাগ খেমটা )

সকলোৱে—সখী আহাঁ নামো পানীত,
 সাতুৰি গাওঁ আহাঁ গীত,
 সখী নামো পানীত!

আজি সুমধুৰ সাজে, বননিত ফুল ৰাজে,
পানীত পদ্মিনী শোভে, হাঁহি প্ৰফুল্লিত।

 আকাশত বেলি জ্বলিছে,
 দক্ষিণৰ বায়ু বলিছে,
 সৰালি জুৰীয়ে কেনে চৰি ফুৰিছে!

আহাঁ সখী ৰাংঢালী,  খোজেপতি হালিজালি,
শোলোকাই কাপোৰ  আহা নামাহি পানীত।

[ সকলোৱে সৰোবৰ পাৰত কাপোৰ সোলোকাই
থৈ, পানীত নামি গা ধোৱে আৰু ধেমালি কৰে। ]

মদনিকা—সখীহঁত, মিলিল মস্কিল। চোৱাঁ হেৰা,
 ধুমুহা বতাহ যেন এচাটি বতাহে
 মিহলালে আমাৰ কাপোৰ! আৰু
 শুনা দূৰত শবদ, আহিছে কোনোবা
 যেন লৰি এই ফালে! উঠা লৰালৰি