পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬২
কদম-কলি

 মলয়া সুম, কেতেকী সুগন্ধ,
 গোৱাঁ কুলি বিমোহন।

দেৱযানী। আহা কি মধুৰ উপবন! প্ৰাণ মন
 কৰিছে শীতল। লহু লহু মলয়াৰ
 বতাহ বলিছে বসন্তৰ বাতৰি বৰ্ণাই।
 ৰঙা বৰণীয়া পাত মৃদুল কোমল
 লৰাই বিৰিখবোৰে নাচিছে ৰঙত!
 কৃষ্ণচুড়া ৰঙা ফুল মণ্ডিত মস্তকে
 প্ৰকাশিছে আনন্দ উচ্ছাস, ফুল-ভৰা
 অশোক কিংশুকে কৰিছে দীপিতি,
 যেন হাঁহি-ভৰা দেৱাঙ্গনা মুখ। শ্যাম
 বৰণীয়া নৱ দুৰ্ব্বাদলে শোভে, সজল
 জলদ প্ৰায়। চৈত্ৰৰথ সদৃশ কাননে
 ধৰিছে অপূৰ্ব্ব শোভা। নিৰমল সুশীতল
 সৰোবৰ জল হৈছে সুগন্ধিত পৰি
 পদুমৰ ৰেণু। শুৱাইছে ৰাজহাঁহ
 জাকে, গলপতা শাৰী যেন ৰমণীৰ
 গল মৃদুল আন্দোলি। ডাউক ডাউকী
 শোভে, যেন দুটী তিল তোমাৰ গালত,
 হেৰা বৃষপৰ্ব্বাৰ নন্দিনী শৰ্ম্মিষ্ঠা
 সঙ্গিনী! জলৰ লহৰ যেন হাঁহিৰ
 লহৰী, মদনিকা সখীৰ মুখত।
 স্ফটিক-নিৰ্ম্মল এনে শীতল জলত
 আহাঁ সখীহঁত মানি কৰোঁ জলকেলি।