পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
কদম-কলি

 কুশাঙ্কুৰে বিন্ধিলে চৰণ, পানীৰে
 পথালি পাৱ, প্ৰদানি প্ৰলেপ, ক্ষত
 কৰোঁ নিৰাময়; তেহে সুস্থ হয় মোৰ
 মন। কি সকাম, সেই কথা এতিয়া
 বখানি? জানা সকলোকে তুমি। লাজে
 বান্ধি ৰাখিছিল মুখ, সি কাৰণে আছিলোঁ
 নিমাত। কিন্তু দেখোঁ হয় সৰ্ব্বনাশ।
 হেৰায় বুকুৰ বিত, সাঁচতীয়া ধন!
 সিকাৰণে, প্ৰিয়তম! প্ৰাণপ্ৰিয়! আজি
 পৰিত্যাগি সংকোচ সংযম , প্ৰাৰ্থিছোঁ
 তোমাক,—কৰি মন্ত্ৰ উচ্চাৰণ বেদৰ
 বিধানে কৰোঁ মোক পৰিণয়, তাপস-
 ৰতন।
কচ। — নাপায় এনুৱা কথা কব মোক শুভে!
 গুৰু শুক্ৰাচাৰ্য্য মান্য পূজনীয় মোৰ;
 গুৰু-কন্যা পূজনীয়া মোৰ সেইদৰে।
 ভগৱান ভাৰ্গৱৰ প্ৰাণাধিকা কন্যা
 তুমি, গুৰুপুত্ৰী ভগিনী সদৃশ মোৰ।
 নহয় যুগুত কৰা ইহেন প্ৰস্তাৱ।
 দিয়াঁ ভদ্ৰে। হৰ্ষমনে বিদায় ভ্ৰাতৃক,
 যাওঁ নিজ ঘৰ; শোকাভুৰ জনক জননী।
 দেখিলোঁ সপোন,—শোকাকুল পুত্ৰৰ
 বিৰহে, দুখুনী জননী মোৰ!