পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি সাৱধানে;—যিদিনা আহিলা তুমি আশ্ৰমে আমাৰ, স্বচ্ছ মন শুভ্ৰ কান্তি তাপস নন্দন, মোৰো মন হল অনুৰূপ! মণিৰ সংযোগে “চে ধৰে মণিৰূপ। অলক্ষিতে আচম্বিতে আন্দোলিল মন অনুৰাগ অকস্মাৎ হল অঙ্গুৰিত। সেই দিন ধৰি, প্ৰতি পল অনুপলে বঢ়াই শকতি তাৰ কৰিলে বিশাল। হৃদাকাশ জুৰি বনপতি প্ৰসাৰিছে। প্ৰণয়-পল্লব মোৰ। হে সোভন! সৌম্য। গলে তুমি ফল ফুণ আহৰণ মনে, পূজাৰ কাৰণে মো, প্ৰতি-আগমন ই থাকে। বাটচাই। গোধন চৰাই তুমি আহোঁতে পলম হলে, দেখে। দিনতে এন্ধাৰ; ভাবো, কিব। আধান্তৰ মিলিল কচৰ। বাৰে বাৰে দুৰন্ত অসুৰে নাশিলে তোমাক; এৰি ৰমণীসুলভ লাজ, সলোতক নেত্ৰে ধৰি পিতৃৰ চৰণ, মাগি পাওঁ পু, হেৰুৱাৰতন মোৰ অঞ্চলৰ নিধি, হে তাপস-মণি যজ্ঞ সমাপন অৰ্থে আহৰা সমিধ কাঠ; বিক্ষত কণ্টকে দেহ দেখি, মজি অশ্ৰুজল সেবি কৰে। নিজ তোমাক