পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অতৃপ্তিত অশান্তিৰ ঘৰ; | অশান্তিয়ে অসুখ বিলায়। অসুখত বিচাটৰ ৰাশি; | জীৱনৰ সোত বৈ যায়। সংসাৰত তৃপিতিৰ আশা, | মৃগতৃষ্ণা মৰীচিকা প্ৰায়, বিচাৰি বিশ্ৰান্ত; কতো নাই। শান্তিধাম মাত্ৰ শান্তিৰ ঠাই। ইৰ্ষা দ্বেষ মেঘৰ ওলোলে মনাকাশ এন্ধাৰি পেলালে। মোহ-তম বিষম অজ্ঞানে তত্ত্বজ্ঞান-সূৰুষ ঢাকিলে। ক্ষন্তেকীয়া মেঘৰ আন্ধাৰ; 01712 | যুগমীয়া তত্ত্বজ্ঞান-বি। যুগমীয়া এৰি ক্ষন্তেকীয়া? মণি এৰি কাচ কি কৰিবি? ১৮৩৩ শক। শাওণ, হাওড়া।