পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দেৱযানী
(স্থান-শুক্ৰৰ আশ্ৰম)

{দেৱযানীয়ে পুজাৰ নিমিত্তে ফুল জলৰ আয়োজন কৰিছে। কচ-নমস্কাৰ দেৱযানী!
দেৱযানী-নমস্কাৰ কচ!

কচ— আহিলো তোমাক আজি লবলৈ বিদায়।
 অতি মন দুখে আকুল কৰিছে প্ৰাণ।
 লাগিছিল নিজ ঘৰ যেন এই ঘৰ;
 পিতৃ বৃহস্পতি যেন গুৰুদেৱ মোৰ;
 গুৰু-কন্যা যেন মোৰ আপোন ভগিনী।
 চেনেহ-দোলেৰে বান্ধি ৰাখিৰিলা মোক।
 ইজন্মত শুজিব নোৱাৰোঁ এই ধাৰ।
 তোমাৰ মনত মাত্ৰ সততে জাগ্ৰত
 মঙ্গল কামনা মোৰ। হেৰা সুবদনি!
 বাৰে বাৰে ব্যৰ্থ কৰি দানৱৰ চেষ্টা।
 ৰাখিলা জীৱন মোৰ। পালো প্ৰাণ মই
 কৃপাত তোমাৰ। এৰি ইহেন আশ্ৰম,
 ত্যজি আশ্ৰম-ঈশ্বৰী এনে, যাওঁ কোন সতে?
 ইঠাইৰ প্ৰতিগাছি তৃণে বান্ধিছে হৃদয়
 মোৰ। প্ৰতি কুশাঙ্কুৰে স্নেহ বিজড়িত
 দেখোঁ, সদ্য অঙ্গুৰিত। চিৰানন্দ বায়ুৱে
 বিলায়। পুষ্পিত বিৰিখ লতাবোৰে