পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰেম

ব্ৰহ্মাণ্ডৰ সত্ত্ব যিটো পৰিছে নিজৰি;
গিৰি বন গছ লতা সচেতন কৰি;
অমৃত হাঁহিৰ ৰং ফুলত ফুলায়;
যি শকতি প্ৰভাৱত মন্দাকিনী যায়;
অণু পৰমাণু মিলে আকৰ্ষি অন্তৰ;
পৃথক আতমা মিলি হয় একেশ্বৰ;
ব্যৱধান ক্ষয় হয়, ওচৰে আঁতৰ;
অব্যক্ত বেকত হয়; গুচে আত্ম পৰ;
সৰ্ব্বাঙ্গে সৰ্বাঙ্গ লয়; জীৱনে জীৱন;
আনন্দে আনন্দ, মহানন্দৰ স্ৰজন;
সংজ্ঞাৰ অতীত শক্তি, বিশ্বব্যাপী কায়;
ক্ষণিক সম্ভোগে যাৰ দেৱত্ব মিলায়;
মৰু বুৰে, শিল পমে, বিন্দুৰ পৰশে;
প্ৰেম আখ্যা মহাশক্তি জগৎ প্ৰকাশে।

১৮৩৩ শক।
জেঠ, হাওড়া।