এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
মোৰ দেশ
(ইংৰাজী সুৰ)
অ মোৰ আপোনাৰ দেশ।
অ মোৰ চিকুণি দেশ।
এনেখন শুৱলা,
এনেখন সুফলা,
এনেখন মৰমৰ দেশ।
অ মোৰু সুৰীয় মাত
অসমৰ সুৱদি মাত
পৃথিৱীৰ কতো।
বিচাৰি জনমটো
নোপোৱা কৰিলেওঁ পাত।
অ মোৰ ওপজা ঠাই!
অ মোৰ অসমী আই!
চাই লওঁ তোমাৰ
মুখখনি এবাৰ,
হেপাহ মোৰ পলোৱা নাই।
অ মোৰ আপোনাৰ দেশ।
অ মোৰ সুকীয়া দেশ!