পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি বা তা তা, ৰা তা তা, তা তা তা, ৰা তা তা, অ মোৰ মৰমৰ দেশ! ১৮৩২ শক। জেঠ, হাওড়া। সখী কোনে নো বজায়? (গীত (বেহাগ-আড়াখেমটা ) সখী কোনে নো বজায়? সন্ধিয়াৰ বায়ুত শুন। সেই সুৰ উটি যায়। সখী কোনে না বজায়? যমুনাৰ কুলু গান আকুল কৰিছে প্ৰাণ। নূপুৰৰ ৰুণুজু শুনা তাতে মিলি যায়। ভোমোৰাৰ জেৰ জানো বাঁহীৰ মাজে ওলাইছে। কুলিৰ পঞ্চম কু—উ তাতে কিবা মিলিছে।