পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কবিতা

শোকৰ সঙ্গীত সিটি, বিষাদৰ সুৰ,
আতুৰৰ হুমুনিয়া, লোতক চকুৰ,
বেজাৰৰ কলা ৰেখ, তৃষ্ণা তৃষিতৰ,
বিধৱাৰ বুকু ফটা যাতনা কাতৰ।
ছয়াময়া সুখৰ সি খন্তেকীয়া হাঁহি।
সুৰভি বিলাই যোৱা গোলাপৰ পাহি।
বিজুলীৰ চকামকা নিমিষ পোহৰ৷
জোনৰ কোমল কান্তি, পানীৰ লহৰ।
বীণৰ আতমা সিটি উৰি “গুণ” গায়।
বাঁহীৰ জীৱন সি যে ডালত “কুউৱায়”।
ৰমণীৰ কমনীয় মাধুৰী মধুৰ।
আধা-ফুটা আধা মাত সৰগ শিশুৰ?
লাজেৰে তিওৱা মুখ সুন্দৰী ৰূপহী।
নিয়ৰত গা ধোৱা সেউতী সি বাঁহী।
অনাঘ্ৰাত কেতেকীৰ সোণোৱালি ৰেণু।
বৃন্দাবন মতলীয়া কলীয়াৰ বেণু।
প্ৰকৃতিৰ কামনাৰ সৌন্দৰ্য্য ৰঞ্জিত।
কবিতা কল্পনাময়ী কবিৰ বাঞ্ছিত।

১৮৩২ শক৷

বহাগ, হাওড়া।

⸻⸺