পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
কদম-কলি

পাপ তাপ দুখ ক্লেশ দেখি পৃথিবীৰ,
হৃদয় ব্যথিত জানো, পৰে আখি নীৰ।
শঠতা বিদ্বেষ হিংসা-বিষে জৰ্জ্জৰিত
আমাৰ অন্তৰ দেখি বিদৰিছে চিত?
টিপ্ টিপ্ চকুলো নিয়ঁৰৰ কণা
পেলোৱা শোকত কিবা? একো নাই জনা।
অথবা আকাশী ফুল স্বৰ্গ-উপবনে
ফুলি আছা নুশুকাই সদানন্দ মনে,
সুবিমল শুভ্ৰ জ্যোৎস্না সৌৰভ বিলাই,
স্বৰগত প্ৰেম-হাঁহি, শোক তাপ নাই।
নতুবা অপূৰ্ব্ব মণি মুকুতা উজ্জ্বল,
বিশ্বপতি বিশ্ব গৃহে কৰে জলমল?
অথবা অযুত কোটী চকু বিধাতাৰ
চতুৰ্দ্দিশ অধঃ উৰ্দ্ধ ব্যাপ্ত চৰাচৰ;
পাপ পুণ্য সুকৃতি দুষ্কৃতি নিৰন্তৰ
দেখি বিধানিছে বঁটা, দণ্ড ঘোৰতৰ।
নাজানো একোকে মই নিঃকিন মানৱ।
জ্ঞান দিয়াঁ অধমক দেৱ আদিদেৱ!

১৮৩১ শক।

ফাগুন, হাওড়া।

⸺⸺