এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কদম-কলি
সৰ্ব্বনাশ! পৰিল তাত! চুমাও খালে!
বাইটী, মোৰ যুতি ফুলত চুমা দিলে।
যুতি হেৰা, মই আজি চিনিলে তোমাক!
যুতি সখী, মই আৰু চিনিলে তোমাক!
কেৱলৈ মোক অতদিন দি আছিলা ফাকি,---
“তোমাকে হে ভাল পাওঁ মৰমৰ সখী।”
ইস! মোকেই হে ভাল পোৱা মৰমৰ সখী’!
যাতেমানে মিছা কথা!-এনে মিছলীয়া।
অ—আজলী সখীক পাই ভাল ফাকি দিয়!
এতিয়া হে জানিলে তোমাৰ চতুৰালি।
আগত নহলে জানো কত পাৰা গালি।
ই-তোমাকেই হে চুমা খাম, জীও যতদিন;
তোমাৰেই হে উমলিম, দুইৰো নাই ভিন।
এটাইবিলাক ফাকি; এটাইখিনি মুখৰ মহলা।
মই হেন সখীক এৰি ভাল সখী পালা!
ভাগ্যে মই দেখিলো দেখি হে।।
নাইবা আৰু কত ভুৱা দিলাহেঁতেন হে।।
বাৰু সখী, বাৰু তোমাৰ চিত।
পেটত একে কথা, নাজানো কিঞ্চিৎ।