সমললৈ যাওক

পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
কদম-কলি

নিজৰ দৰব নিজতে নাফাপে,
 লোকক দিবলৈ যোৱা?
নিজেই ভিকহু, টেকেলি কাতি!
 আনক নো কি বিলোৱা!
 * * *

খপিলে উজ্জ্বল হয় সোণৰ বৰণ।
বিপদত পোৱা যায় বন্ধুৰ চিনন॥
 * * *

ভাল ভাগ জীৱনত নিশ্চয় সৰহ।
জুখি চোৱাঁ, শেহ ফল পাবা ওগাইৰহ॥
 * * *

সজ কাম, বৰ কাম, অজৰ অমৰ!
থাকে যেন চিৰকাল চন্দ্ৰ দিবাকৰ॥
 * * *

অশোক অন্তৰে পায় দীঘল জীৱন!
শোক-ভৰা হিয়া শীঘ্ৰে হয় বিনাশন॥
 * * *

গোলাপে শুৱায় সুন্দৰ ফুলনি।
প্ৰেমে শুৱায় মানুহৰ জীৱনী।
 * * *