পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৫
কদম-কলি

বুধিৰ জেউতি জ্ঞানৰ দীপিতি দুচকু আবৰি আছে।
ভাবত অমিয়া, ৰূপত লৱণু চাৰি ফালে বিৰিঙিছে॥
বোবা কোনে বোলে? চিন নাই তাৰ, প্ৰতি অঙ্গতেই মাত।
চলনে ফুৰণে নিফুট বচন, শবদৰ অভাৱ হে তাত॥
বাপেক মাকৰ মনত অসুখ, একেটি মাথোন জী।
কিয় নো নামাতে, কি নো কপাল হল! কত নো কৰিব কি?
বেজ-গিয়নীৰ যতন বিফল, ৰজা ৰাণী বিকলীয়া।
পূজা-সেৱা দান-দক্ষিণা বিফল, বেজাৰে দহিজে হিয়া॥

পূৰিল যৌৱন, নিমাতীৰ ৰূপত ভৰি পোহৰিল ঘৰ।
ৰজা-ৰাণী দুইৰো ভাবনা চৰিল—কত পাওঁ এটি বৰ॥
দেশ বিদেশলৈ বাতৰি পঠালে, নিমাতী কন্যাক দিব,
ডেকা যিজনাই নিমাতী মইনাক মতাই দিব পাৰিব॥
কন্যাৰ লোভত ৰজাৰ কোঁৱৰ ভোমোৰা জাক যেন হল।
নানা বুধি কৰি মাত উলিয়াবৰ চেষ্টা কৰি হাৰি গল॥
সকলো হুৰিল; ৰজাই আমনি, কন্যায় আমনি পালে।
ঢোল পিটি ৰজাই আকে শুনাই দিলে,—
 নোৱাৰাক পঠাব শালে।
যেনে আহিছিল তেনেই ভাগিল ৰজাৰ কোঁৱৰ জাক।
তাতো সাহ কৰি আহি হাৰে যি, পঠায় পোতাশালে তাক॥

কমতাপুৰৰ কোঁৱৰ এজন, আলসুৱা তেওঁৰ নাম।
ওৰে দিন ওৰে ৰাতি বীণ বায়, নিশিকে ৰজাৰ কাম॥