সমললৈ যাওক

পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বধৰ্ম

যত আছা, যি কৰিছা, কৰাঁ ভালকৈ।
স্বধৰ্ম্মে নিধন শ্ৰেষ্ঠ, পৰধৰ্ম্ম ভয়াবহ হয়॥

⸻⸻


স্বভাৱৰ দান।

সুশোভন সুখ ঠাই, স্বভাৱৰ দান,
  বিজয় চুড়াৰে সুমণ্ডিত।
সাহিয়াল সজ লোকে মাথোঁ পায় তাক,
  জানিবা নিশ্চিত॥
অন্ধকাৰ অকল্যাণ শূন্য তমোময়,
স্বভাৱৰ বিৰোধ পন্থীৰ মাথোঁ হয়॥

১৮৩৫ শক। শাওণ, হাওড়া।

⸺⸺


নিমাতী কন্যা

(১)

ৰতন পুৰৰ এজন ৰজাৰ আছিল একেটী কইনা।
ৰূপহী জীয়ৰী ঘৰ আলো কৰি, নামটি নিমাতী মইনা॥
ওপজাৰেপৰা কথা ফুটা নাই, ফুটিছে মাথোন হাঁহি।
পোহৰ সদায়, ৰোহ ঠেহ নাই, যেন কেতেকীৰ পাহি॥