পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৬
কদম-কলি

বাপেক হুৰিল, মন্ত্ৰীও হুৰিল, হুৰিল পঢ়াওঁতাজন।
বীণ বাই মাথোঁ সময় কটায়, নিদিয়ে একোতে মন॥
বলিয়াৰদৰে বীণখনি বায়, নকয় সৰহ কথা।
জীৱনৰ উদ্দেশ, সৃষ্টিৰ সম্ভেদ, বীণতহে যেন গোথা॥
এৰিলে ৰজাই আশা কোঁৱৰৰ, পাত্ৰ মন্ত্ৰী আশা এইলে।
পানী একেচলু দি থৈ মাকে, মাজুত আশা পাতিলে॥
কোঁৱৰৰ সন্তোষ,—-জঞ্জাল গুচিল; দুগুণ উছাহ কৰি।
বাই ফুৰে বীণ, হিয়া তাতে লীন, সকলো গল পাহৰি॥

কোৱা-চিলাৰ মুখে শুনিলে বাতৰি, নিমাতীৰ বাপেকৰ পণ।
কোনে জানে কিয়, কমতা-কোঁৱৰৰ যাবৰ হল তালৈ মন॥
বীণখনি মাত্ৰ লগৰ লগৰী, কোঁৱৰ ওলাল গৈ তাত।
নমস্কাৰ কৰি ৰজাক জনালে—“মই উলিয়াম মাত॥
হে নৃপমণি, এই বীণখনি, লাও-খোলা আৰু কাঠ,
শুকান ছালেৰে সাজি ললোঁ মই, মাতিছে অমিয়া মাত৷
আপোনাৰ জীয়ৰী অতুল সুন্দৰী, তেজ মঙহৰে গঢ়া।
মাত উলিয়াটো টান কাম নহয়; নাই কোৱা কথা বঢ়া॥ ”

মূৰৰপৰা ভৰি সকলো চাই ললে কোঁৱৰৰ নৃপমণি।
চেনেহ ৰসত হিয়া পমি গল, চকুত ওলাল পানী৷
ভাবিলে কিনো নো সুলক্ষণী লৰা, দেখিলে চকু জুৰায়।
নোৱাৰিলে মাত উলিয়াব জীৰ, মিলিব বৰ অপায়॥
নেলাগে বোপা মোৰ, এনে সাহ কৰিব, উভতি ঘৰলৈ যোৱাঁ।