পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ৰতনীৰ বেজাৰ

 পাচ দিনৰ মূৰত গধুলি ধনবৰৰ মৃত্যুৰ বাতৰি ধনশিৰী—মুখত ওলালগৈ। এই বাতৰি ৰতনীৰ বুকুত শেল সোমোৱাদি সোমাল। সেই দিনা ৰাতি ৰতনীয়ে শোৱা পাটীত চটফটাই থাকি, তিনি পৰ মান ৰাতি যোৱাত উঠি ঘৰৰ পৰ বাহিৰলৈ ওলাই গৈ চোতালৰ আগৰ বৰ-গছ এজোপাৰ তলত বহি এইদৰে বিনাই কান্দিছিল। কৃষ্ণপক্ষ। নৱমী তিথি। খীণ জোনে আকাশত খীণ পোহৰ দিছিল। জোনটোৰ অলপ আঁতৰতে অকলশৰীয়াকৈ জ্বলি থকা তৰা এটি। আছিল। সেই তৰাটিলৈকে চাই ৰতনীয়ে এইদৰে বিনাইছিল।

পুৰি গল বৃন্দাবন,
উৰি গল ছাই,
  হে উৰি গল ছাই!
ৰতনী ধনাই আৰু
এই পৃথিবীত নাই,
  হে এই পৃথিবীত নাই!!
বুজিও মই নুবুজিলোঁ
কুটুমৰে চিত,
  হে কুটুমৰে চিত।
ৰাখিও মই নাৰাখিলোঁ।
দুখীয়াৰ বিত,
  হে দুখীয়াৰ বিত॥