এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯১
কদম-কলি
ফুটুকাৰ তলতে যখিনী ছোৱালী।
টুক টুক্ চাপৰি বায়।
ধনাইৰে ছাঁতে ৰতনী নাই ঐ,
কোনে তাৰ মুখলৈ চায়!
নৈৰে পাৰতে কাৰে এৰা-বাৰী,
চপৰাচপৰে খহে!
লুইতৰ পাৰতে কাৰে ধনবৰ
ৰতনীৰ বেজাৰত জহে।
যা গৈ ৰতনী নাহিবি নাহিবি,
বিচাৰি নাহিবি মোক।
তোৰে ধনবৰ ভিকহুৰ ভিকহু,
পৃথিবীত থৈ যাব শোক!
বোপাই মোৰ লুইত ঐ সামৰি লোৱা মোক,
কোলাত থান এফেৰি দিয়া;
ৰতনী হেৰাল মোৰ, সকলো পৰিল ওৰ,
আৰু মোৰ একো নাইকিয়া।
[ নৈত পৰা শবদ। ]
১৮৩৪ শক।
মাঘ, হাওড়া।
⸺⸺