পৃষ্ঠা:কথা-গীতা.djvu/৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৫
কথা-গীতা।

মন আত্মনিষ্ঠ হয়, পৰমাত্মাও মনত প্ৰকাশ হন্ত। গুৰু উপদেশ পায়া অপৰোক্ষ অনুভবে তৃপ্তচিত্ত নিৰ্ব্বিকাৰ জিতেন্দ্ৰিয় হুয়া স্বৰ্ণ মৃতখণ্ড পাশানতো হেয় উপাদেয় দৃষ্টি তেজি ৰহিল, তাকে যোগাৰূঢ় বুলি। সুহৃদ মিত্ৰ উদাসীন মধ্যস্থ দ্বেষ্য বন্ধু সদাচাৰ দুৰাচাৰতো সমবুদ্ধি যুক্তি হৈলে, তাতো কৰি শ্ৰেষ্ঠ বুঝিবা।
 এমনে যোগাৰূঢ়ৰ লক্ষণ কাহ, ইদানাক তাৰ সাধন সমে যোগ কহন্ত। যোগী, সকলৰ সঙ্গ এড়ি ৰহস্য স্থানত, দ্ৰব্যত পৰিগ্ৰহ তেজি, নিৰপেক্ষ হুয়া নিয়তদেহ কৰি মনক সমাহিত কৰিব। শুদ্ধ স্থান সমান আসন থাপি উপৰত কুশ চৰ্ম্ম বস্ত্ৰ পাড়ি তাত পদ্মাসনে বসি মন ইন্দ্ৰিয়ক নিয়মি মন শুদ্ধিৰ অৰ্থে যোগক অভ্যাস কৰিব। আপুনাৰ দেহকো সম অচল কৰি নাসাৰ অগ্ৰ চায়া দৃঢ় যত্ন কৰি শান্তচিত্ত হুয়া ভয় তেজি ব্ৰহ্মচৰ্য্য ধৰি মোত চিত্ত দিয়া মোক পুৰুষাৰ্থ মানি মোৰ অধীন হুয়া ৰহিব। এমনে সদাই মনক যোজন কৰিতে নিয়ত চিত্ত হুয়া, সংসাৰ নিবৃত্তিৰ নিৰ্ব্বাণ মুকুতি মোৰ স্বৰূপৰ স্থিতিক সম্যকে লভে। যোগাভ্যাসনিষ্ঠৰ আহাৰাদি নিয়ম কহন্ত। অধিক ভোজন কৰিলে, কেবল নকৰিলেও যোগ নঘটে। তেমনে অতি নিদ্ৰালুৰ জাগ্ৰ- তৰো যোগ নঘটে। কিন্তু যুক্ত আহাৰ বিহাৰ ব্যাপাৰ নিদ্ৰা জাগৰণ হৈলে, সাৰ্ব্বদুষ্‌খ নিবৰ্ত্তক যোগ সিদ্ধ হয়। বুলিবা কেতিয়া পুৰুষ যোগ সিদ্ধ হৈব তাক শুনা। যেখন সকল কামত নিস্পৃহ হুয়া নিয়তচিত্ত আত্মত স্থিৰ হুয়া ৰহে তেখনে পুৰুষক