পৃষ্ঠা:কথা-গীতা.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
কথা-গীতা

প্ৰাপ্তযোগী বুলি। যেন বাতশূন্য দেশত প্ৰদীপ নিঃকম্প প্ৰকাশ ৰূপে ৰহে তেমনে যোগীৰ চিত্ত আত্মাত প্ৰকাশ কৰে।

 পূৰ্ব্বত কৰ্ম্মকে যোগ বুলি কহিছাঁ ইদানীক সমাধিক যোগ বুলিলা। তেবে কোন মুখ্য যোগ এই অপেক্ষাত সমাধিকেসে স্বৰূপত ফলত যোগ কহন্ত। যোগ অভ্যাসে নিয়তচিত্ত যাত উপৰাম হয় তাকো যোগৰ স্বৰূপ বুঝিবা। তুষ্টিপ্ৰাপ্তি ফলে তাকে দেখান্ত। যাত শুদ্ধ মনে আত্মাক দেখি আপুনি তুষ্ট হয়, যাত অতিন্দ্ৰিয় আত্যন্তিক সুখ জানে, যাক বুদ্ধি সে আত্মাকাৰে গ্ৰহণ কৰে, যাত থাকি পুৰুষে স্বৰূপত নচলে, যাক লভি পুৰুষে অধিক লাভো নমানে, যাত থাকি মহাদুষে্‌খও অভিভব নহে, সেই অবস্থা বিশেষক যোগ কৰি জানিবা। আৰ সাধন পদেসে কৰ্ম্মক যোগ বুলিছোঁ। যাত বিষয়ৰ সুখ দুষ্‌খ বিয়োগ জীবৰো পৰমাত্মাত যোগ হয়। যিহেতু যোগে মহাফল সাধে। এতেকে শাস্ত্ৰ আচাৰ্য্যৰ উপদেশে যত্ন কৰি অভ্যাসিব। যদ্যপি শীঘ্ৰে সিদ্ধ নহে তথাপি দুষ্‌খ বুদ্ধি কৰি যত্ন শৈথিল্য নকৰিব। যোগৰ প্ৰতিকূল কামনাসবো এড়িব। মনে বিষয়ত দোষ দেখি ইন্দ্ৰিয়সব নিয়মিব। যদি পূৰ্ব্ব সংস্কাৰে মন চলে, তেবে ধাৰণায়ে কিছো কিছো কৰি স্থিৰ কৰিব। আত্মাত মন স্থিৰ কৰি কিছো নিচিন্তিব। নিশ্চল মনত আত্মা প্ৰকাশ হৈলে ধ্যানতো উপৰাম হৈব।

 ৰজো গুণ বশে চঞ্চল মন যদি বিষয়ক যাই, তাৰ পৰা আনি আত্মাত স্থিৰ কৰিব। তেবে ৰজোগুণ ক্ষয় হৈলে, প্ৰশান্ত