পৃষ্ঠা:কথা-গীতা.djvu/৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ষষ্ঠ অধ্যায়। চিত্তশুদ্ধ হৈলেও ধ্যান বিনে সন্যাস মাত্ৰত মুক্তি নহৈব। এতেকে ষষ্ঠ অধ্যায়ত ধ্যান যোগ বিবেক কৰি কহিবা। পূৰ্ব অধ্যায়ৰ অন্তত সঙেক্ষপে উক্তযোগক প্ৰপঞ্চিবে প্ৰতি ষষ্ঠ অধ্যায় আৰম্ভ কৰিল। ভগবন্তে বোলন্ত জানা অৰ্জুন যি কৰ্ম্মফলক অপেক্ষা নকৰি মমাত অৰ্পি বিহিত কৰ্ম্মকে আচৰে তাকে সন্যাসী বুলি, যোগীয় বুলি, সৰ্বকৰ্ম্ম ত্যাগী নহে। তেবে যাৱত জীবে তাৰত কৰ্ম্ম কৰিব লাগিল। এই আশঙ্কাৰ উত্তৰ শুনা। আৰুৰুক্ষ পুৰুষৰ চিত্তশুদ্ধিৰ হেতু কম্ম সাধন। আৰূঢ় পুৰুষৰ কৰ্ম্ম- নবৃত্তিসে জ্ঞান পৰিপাকত সাধন বুঝিবা। যদি বোলা আৰূঢ় যোগ কেমন তাত না। যেখন শাদি বিষয়ত তাৰ সাধন কৰ্ম্মত আসক্তি নকৰে, আসক্তিৰ কাৰণ ভোগতো বাঞ্ছা এড়িছে, তাক যোগাৰূঢ় বুলি। যাতে বিষয়ত আসক্তিয়ে বন্ধ হয়, এতেকে তাক এড়ি আপুনি আপুনাক উদ্ধাৰ কৰোক কদাচিতে অধক নেনোক। যিহেতু আপুনি আপুনাৰ বন্ধু হয়, যেমনে ৰিপু হয়, তাক শুনা। যি পুৰুষে আপুনাৰ মন, ইন্দ্ৰিয়ক জিনি হৰিক ভজিল, সেই আপুনাৰ বন্ধু আপুনি হৈল। যি অজিতেন্দ্ৰিয় হুয়া হৰি বিমুখ হৈল সি আপনাৰ শত্ৰু আপুনি হৈল। জিতেন্দ্ৰিয় প্ৰশান্ত পুৰুষৰ শীত উষ্ণ সুখ দুষখ মান অপমানতে