পৃষ্ঠা:কথা-গীতা.djvu/৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২২ কথা-গীতা। শুনা। যি ব্ৰহ্মক পায়াছে সি প্ৰিয় পায়ো হৰ্ষ নকৰে, অপ্ৰিয় পায়ো দুখ নকৰে। যাতে মোহ এড়ি স্থিৰবুদ্ধি হুয়াছে। বাহ বিষয়ত আসক্তি এড়ি, মনত সাত্বিক সুখ পায়া থাকে। এমনে ব্ৰহ্মতে সমাধি কৰি অক্ষয় মুখ লভে। যদি বোলা প্ৰিয় বিষয় ভোগ নিবৃত্তি হৈলে কেমনে মোক্ষ পুৰুষাৰ্থ হৈল, তাত শুনা। সকল বিষয়সুখকে স্পৰ্ধা অসূয়া ব্যাপ্ত পদে দুখৰ কাৰণ বুঝিবা। আদি অন্তো আছে এতেকে বিবেকী বিষয়ত প্ৰীতি নকৰে, এতেকে মোক্ষসে পুৰুষাৰ্থ হৈল। তাৰ কামক্ৰোধ বেগ প্ৰতিকূল তাক সহন সমৰ্থেসে মোক্ষভাগী হয়। যেন মৃতক পুৰুষে, কান্তা যুবতী আলিঙ্গিতেও পুত্ৰাদি দহিতেও কামক্ৰোধৰ বেগক সহে, তেমনে জীবন্তো যি সহিল সেই যোগী মহাসুখী হয়। কেবল কামক্ৰোধ বেগ সহন মাত্ৰেও মোক্ষ নাপাৰে কিন্তু বিষয়ক এড়ি আত্মত সুখক্ৰীড়া দৃষ্টি হুয়া ব্ৰহ্মত ৰহি ব্ৰহ্মনিৰ্বান পাৱে। জ্ঞানীসবে ক্ষীণ-কল্মষ হুয়া সংশয় ছেদি চিত্তক নিয়মি সকল প্ৰাণীৰ হিত আচৰি ব্ৰহ্মলয় লভে। কামক্ৰোধ হীন সংযতচিত্ত সন্যাসীসবৰ দেহ পড়িলেসে মুক্তি ই নহে, কিন্তু জীয়ন্ততে মুক্তি দেখি। ইদানীক সঙেক্ষপি যোগ কহন্ত। বিষয় চিন্তা নকৰি বৰ মধ্যত চক্ষু ৰাখি পানক অপানক সম কৰি, ইন্দ্ৰিয় মন নিয়মি বুদ্ধিক নিয়মি মোক মাত্ৰ প্ৰাপ্য মানি কামক্ৰোধভয় তেজি যি মুনি হয় তাক জীয়ন্তে মুক্ত বুলি। কেৱল ইন্দ্ৰিয়াদি নিয়ম মাত্ৰেও মুক্তি নহে কিন্তু মোক জানিবে লাগে। ভক্তৰ অৰ্পিত যজ্ঞ তপৰ ভোক্তা লব্ধ ধৰ্মপালক সকল লোকৰ মহন্ত