পৃষ্ঠা:কথা-গীতা.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
পঞ্চম অধ্যায়।

যদি আপুনাৰ অৰ্থে কৰান্ত, তেবে ফলৰ প্ৰাপ্তি ঘটে। আপুনি পৰিপূৰ্ণকাম পদে আন ফলক স্পৃহা নাই কিন্তু অচিন্ত্য নিজ মায়ায়ে জীৱক পূৰ্ব্ব কৰ্ম্মে প্ৰবৰ্ত্তান্ত। তথাপি ভক্তক অনুগ্ৰহ অভক্তক নিগ্ৰহ কৰিতে বৈষম্য দেখি, কেমনে পূৰ্ণ- কাম বুলিব? তাত শুনা। নিগ্ৰহো দণ্ডৰূপ অনুগ্ৰহ হেন জ্ঞানক অজ্ঞানে যাৰাৰ ঢাকিছে, তাৰাসে ভগৱন্তত বৈষম্য মানে। যাৰা পুনু ভগৱন্তত বৈষম্য প্ৰাপক অজ্ঞানক জ্ঞানে নাশ কৰিল, তাৰাৰ সম্বন্ধি পৰিপূৰ্ণ ঈশ্বৰৰ জ্ঞান প্ৰকাশয়। যেন আদিত্যে অন্ধকাৰ দূৰ কৰি সমস্ত বস্তুক প্ৰকাশ কৰে, তেমনে ঈশ্বৰৰ জ্ঞানে অজ্ঞান নাশ কৰি আপুনি প্ৰকাশ কৰে। এমনে ঈশ্বৰক যাৰা উপাসা কৰে, তাৰ ফল শুনা। হেন ঈশ্বৰত বুদ্ধি প্ৰযত্ন নিষ্ঠা আশ্ৰয় যাৰা কৰিছে, তাৰা তান প্ৰসাদে লব্ধজ্ঞান হুয়া সকল পাপ এড়াই মুক্তি পাৱে। বুলিবা যি সবে মুক্তি লভে, সি জ্ঞানীসব কেমন? তাক শুনা। বিদ্যা বিনয়যুক্ত ব্ৰাহ্মণত শ্বপচ চাণ্ডালতো গো হস্তী কুকুৰতো সমান ব্ৰহ্ম দেখে, তাকে জ্ঞানী বুলি। যদি বোলা বিষমত সম দৃষ্টি নিষেধ, তাক কৰিতে কেমনে জ্ঞানী হৈল।

 গৌতমে কহিছা—সমক যি বিষমে পূজা কৰে, বা বিষমক যি সমভাবে পূজা কৰে, সি ইহলোকত পৰলোকত ভ্ৰষ্ট হয়, তাত শুনা। যাৰ মন সাম্যত ৰহিল সি এই দেহতে সংসাৰক জিনিল। যাতো নিৰ্দ্দোষ সম ব্ৰহ্ম এতেকে সি ব্ৰহ্মতে থাকে। গৌতমোক্ত দোষ পুনু ব্ৰহ্মভাব প্ৰাপ্তিৰ পূৰ্ব্বতে সে বুঝিবা। ব্ৰহ্মপ্ৰাপ্তৰ চিহ্ন