সমললৈ যাওক

পৃষ্ঠা:কথা-গীতা.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
কথা-গীতা।

পাপে পুণ্যে লিপ্ত নহে, যেন পদ্মপত্ৰ জলত থাকিলেও জলে লিপ্ত নহে। বন্ধাভাব কহি মোক্ষ হেতুক সদাচাৰে দেখাঁও। যোগীসবে কায়ে স্নানাদি, মনে ধ্যানাদি, বুদ্ধিয়ে তত্ত্বনিশ্চয়াদি, চক্ষু আদি ইন্দ্ৰিয়ে দৰ্শনাদি কৰ্ম্মক, ফল সঙ্গ এড়ি চিত্তশুদ্ধিৰ অৰ্থে কৰন্ত। যদি বোলা সেই কৰ্ম্মে কেঞো বন্ধ হয়, কেঞো মুক্ত হয়, ই কেমন ব্যৱস্থা? আত শুনা, পৰমেশ্বৰত একনিষ্ঠ পুৰুষে ফল এড়ি কৰ্ম্ম কৰিতেও মোক্ষ পাৱে। বহিৰ্মুখ পুৰুষে কামনা প্ৰৱৰ্ত্তি ফলত আসক্ত হুয়া বন্ধ পাৱে। এমনে অশুদ্ধ চিত্তৰ সন্ন্যাসত কৰি কৰ্ম্মযোগ শ্ৰেষ্ঠ, আক প্ৰপঞ্চিলা।

 ইদানীক শুদ্ধচিত্তৰ সন্ন্যাস শ্ৰেষ্ঠ কহন্ত। যি শুদ্ধচিত্ত হৈল সি সকল কৰ্ম্মক মনে এড়ি নবদ্বাৰ পুৰত অভিমান এড়ি মহাসুখে থাকে। দুই নেত্ৰ দুই নাশা দুই কৰ্ণ মুখ পায়ুপস্থ এই নবদ্বাৰ দেহত দেহী হেন ৰহে। অহঙ্কাৰ নাই পদে কিছো নকৰে; মমকাৰ নাই পদে কিঞ্চিতো নকৰাৱে। যদি বোলা পৰমেশ্বৰে যাক সাধু কৰ্ম্ম কৰান্ত তাক উৰ্দ্ধক নেন্ত, যাক অসাধু কৰ্ম্ম কৰান্ত তাক অধক নেন্ত, এতেকে অস্বতন্ত্ৰ পুৰুষে কেমনে কৰ্ম্ম এড়িব। বুলিবা ঈশ্বৰে জ্ঞান মাৰ্গত প্ৰবৰ্ত্তাইলে এড়িব, তেবে ঈশ্বৰ প্ৰযোজক কৰ্ত্তা হৈলে নিৰ্দ্দয় বৈষম্যদোষে পাপ পুণ্য সম্বন্ধো হৈব, তাত শুনা। ঈশ্বৰে জীবক কৰ্ম্ম নকৰান্ত, ফলো নেদন্ত, কিন্তু ঈশ্বৰৰ সকাশত অনাদি অবিদ্যা কামৰ বশ হুয়া জীবসব প্ৰৱৰ্ত্তে। এতেকে সন্নিধানে প্ৰযোজক হুয়ো কাৰো পাপ পুণ্যক আদান নকৰে।