পৃষ্ঠা:কথা-গীতা.djvu/৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

পঞ্চম অধ্যায়।

 পূৰ্ব্ব অধ্যায়ৰ অন্তত অজ্ঞান সম্ভূত শোক মোহাদি সংশয়ক জ্ঞানখড়েগ ছেদি কৰ্ম্ম কৰিবে বুলিলা। তাত পূৰ্ব্বাপৰ বিৰোধ দেখি অৰ্জ্জুনে পোছন্ত, হে কৃষ্ণ তুমি জ্ঞানীৰ কৰ্ম্মসন্ন্যাস কহিছা। এখন বোলা জ্ঞানখড়েগ সংশয় ছেদি কৰ্ম্ম কৰা। কৰ্ম্মসন্ন্যাস কৰ্ম্মযোগ একে পুৰুষৰ একে কালতে নঘটে; এতেকে দুইৰ মাঝত একক নিশ্চয় কৰি কহা।

 ভগৱন্তে বোলন্ত মঞি বেদান্তবিদ পৰমাত্মজ্ঞানীক প্ৰতি কৰ্ম্ম- যোগক নকহোঁ; যাতে পূৰ্ব্বোক্ত সন্ন্যাস সমে বিৰোধ হব; কিন্তু দেহাদিত অভিমান নিমিত্ত শোকমোহ সংশয়ক জ্ঞানখড়েগ ছেদি পৰমাত্মজ্ঞানৰ সাধন কৰ্ম্মযোগ কৰিবে বুলিছোঁ। কৰ্ম্মযোগে চিত্তশুদ্ধ হৈলে, পৰমাত্মজ্ঞান মিলিলে, কৰ্ম্ম ত্যাগ কৰিব। এতেকে সাধন কৰ্ম্মযোগ, সাধ্য জ্ঞান যোগৰ ভেদ নঘটে। যদ্যপি দুয়ে অধিকাৰী ভেদে মোক্ষ সাধে, তথাপি কৰ্ম্মসন্ন্যাসত কৰি কৰ্ম্মযোগ বিশেষ হয়। তাৰ হেতু শুনা। ৰাগদ্বেষ এড়ি পৰমেশ্বৰৰ অৰ্থে যি কৰ্ম্ম কৰে তাক সন্ন্যাস কৰি জানিবা। যাতো সি শুদ্ধচিত্ত হুয়া অনায়াসে জ্ঞান দ্বাৰায় মোক্ষ লভিব। এতেকে কৰ্ম্মযোগৰ সন্ন্যাসৰ একে ফল পদে এক বুলি। আক পৃথক বুলি অজ্ঞ সবেসে মানে পণ্ডিতে নমানে, যাতো একক আচৰি দুয়োৰো ফল পাই। আকে স্পষ্ট মতে শুনা, সন্ন্যাসীসবো যি ফল পাৱে তাক