কৰ্ম্মীসবো জ্ঞানৰ দ্বাৰায়ে লভে। এতেকে সন্ন্যাসক কৰ্ম্মযোগক এক কৰি যি দেখে সেইসে সম্যক দেখে। যদি কৰ্ম্মযোগীৰো অন্তত সন্ন্যাসেসে জ্ঞাননিষ্ঠা, তেবে সন্ন্যাস আদ্যতে কৰোক হেন নুবুলিবা। কৰ্ম্মযোগ বিনে সন্ন্যাস প্ৰাপ্তি অশক্য। কৰ্ম্মযোগে যুক্ত হুয়া চিত্তশুদ্ধ লভি সন্ন্যাসী হুয়া অচিৰ কালতে ব্ৰহ্মক পাৱে। এমতে যিসবে কৰ্ম্মযোগ এড়ি সন্ন্যাসী হয় তাৰাৰ বুদ্ধিক দৈবে দূষিত কৰে। তেবে প্ৰমাদী বিষয়চিত্ত কলহত উৎসুক হয়। যদি বোলা কৰ্ম্মযোগাদিক্ৰমে ব্ৰহ্মক পাইলেও তাৰ পাচৰ কৰ্ম্মে বন্ধ হৈবেক, তাত শুনা। কৰ্ম্মযোগে যুক্ত হুয়া বিশুদ্ধ চিত্ত কৰি ইন্দ্ৰিয় দেহক জিনি সবাৰে আত্মা হুয়া লোকসংগ্ৰহ অৰ্থে কৰ্ম্ম কৰিতেও কৰ্ম্মে লিপ্ত নহে। বুলিবা আক বিৰুদ্ধ দেখি। কৰ্ম্ম কৰিতেও বন্ধ নহে, তাত শুনা। কৰ্ম্মযোগে যুক্ত হুয়া জ্ঞান পায়া দৰ্শনাদি কৰ্ম্ম কৰিতেও ইন্দ্ৰিয়সব বিষয়ত প্ৰবৰ্ত্তে মানি মঞি কিছো কৰ্ম্ম নকৰো বুলি মানে। তাতে চক্ষুৰ দৰ্শন শ্ৰোত্ৰৰ শ্ৰবণ, ত্বচৰ স্পৰ্শন, নাশাৰ আঘ্ৰাণ, জিহ্বাৰ আস্বাদন, চৰণৰ গতি, বুদ্ধিৰ নিদ্ৰা, প্ৰাণৰ শ্বাস, বাগিন্দ্ৰিয়ৰ প্ৰলাপ, পায়ুপস্থৰ ত্যাগ, হস্তৰ গ্ৰহণ, উন্মেষ নিমেষ, কূৰ্ম্মনাম প্ৰাণৰ ব্যাপাৰ।
এতেকে কৰ্ম্ম কৰিতেও অভিমান নাই পদে ব্ৰহ্মজ্ঞানী লিপ্ত নহে। জ্ঞান প্ৰাপ্তিৰ পূৰ্ব্ব পাপ নাশ হয়, পাচৰ পাপে নোচোৱয়। যাৰ তেবে কৰ্ম্মত অভিমান আছে, তাৰ কৰ্ম্মলেপ দুৰ্ব্বাৰ হৈল। অশুদ্ধ চিত্ত পদে সন্ন্যাসো নঘটে, মহাশঙ্কট মিলিল, এই আশঙ্কাত শুনা। পৰমেশ্বৰত অৰ্পি ফলতো আসক্তি তেজি যি কৰ্ম্ম কৰে সি