পৃষ্ঠা:কথা-গীতা.djvu/৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২ কথা-গীতা। পুৰুষৰ কাম, প্ৰথমে সুখৰ হেতু, পৰিণামত বিষৰস। জ্ঞানী পুনু তেখনে অনৰ্থৰ হেতু জানি, বৈৰী মানে। এতেকে কামে নানা ৰূপ ধৰে, অনেক ভোগেয়ো অগ্নিসম তৃপ্তি নাই। আবে তাক জিনিবে উপায় শুনা • ইন্দ্ৰিয় মন বুদ্ধি কামৰ স্থান বুঝিবা। এতেকে শ্ৰবণ দৰ্শনাদিয়ে কাম উৎপন্ন হুয়া, জ্ঞানক আবাৰ পুৰুষকো মোহ কৰাৱে। তুমি মোহত পূবে ইন্দ্ৰিয় মন বুদ্ধি নিয়ম কাৰ, পাপৰূপ কামক নষ্ট কৰা, যাতে জ্ঞান বিজ্ঞানক নাশ কৰে। যাত চিত্ত দিলে ইন্দ্ৰিয়াদিক নিয়ম কৰিবে পাৰিবা, তাক দেহাদিত পৃথক কৰি শুনা। স্থূল দেহত কৰি প্ৰকাশক পদে ইন্দ্ৰিয়সব শ্ৰেষ্ঠ, ইন্দ্ৰিয়ত কৰি প্ৰৱত্তক পদে মন শ্ৰেষ্ঠ, মনতো কৰি নিশ্চয় কৰে পদে বুদ্ধি শ্ৰেষ্ঠ, বুদ্ধিতো কৰি সাক্ষী পদে আত্মা শ্ৰেষ্ঠ। এমনে বুদ্ধিত পৰ আত্মাক জানি মন নিশ্চয় কৰি কামক নষ্ট কৰা। বিবেকা সবে স্বধম্মে যাক আৰাধিয়া ভক্তি দ্বাৰায় মুক্তি লভিছে, হেন পৰমানন্দ কৃষ্ণক সকল কম্ম সমপি সন্তোষ কৰাউক। ইতি শ্ৰভগৱদগীতাকথায়াং তৃতীয়োহধ্যায়ঃ॥৩॥ হে নৰনাৰীসব দেখ কৃষ্ণৰ লোক কেন কৃপা। নিত্য নৈমিত্তিক কৰ্ম্ম নকৰিলে পুৰুষৰ নৰক হয়, হেন কৰ্ম্মকে অৰ্পণ মাত্ৰে তুষ্ট হয়, এতেকে তা পৰম কৃপালু জানি সততে ভজা। প্ৰথমে ডাক চাৰি হৰিৰোল হৰি। অকৃত্বা যজ্জনো যাতি নিৰয় কৰ্ম্মণঃ। সমৰ্পণাদ্যতোৰ তমহং কৃষ্ণাশ্ৰয়ে।