পৃষ্ঠা:কথা-গীতা.djvu/৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তৃতীয় অধ্যায়। বুঝিবা। স্মৰণ মাত্ৰকে বিষয়ে গদ্বেষ জন্মায়। অসাবধান পুৰুষক গম্ভীৰ স্ৰোত হেন অনৰ্থতো প্ৰৱাৱে; শাস্ত্ৰে পুনু তাত পূৰ্বেব গদ্বেষ প্ৰতিবন্ধক পৰমেশ্বৰ ভজনাদিত প্ৰৱন্তাৱে, যেন : গম্ভীৰ ক্ৰেতঃপাতৰ পূৰত নৌকাক আশ্ৰয় কৰিলে অনৰ্থ নাপাই। এমনে কহিলা পশুৰ হেন স্বাভাবিক বৃত্তি এড়ি পুৰুষে ধৰ্ম্ম কৰিব, তেবে স্বধৰ্ম্ম যুদ্ধাদি দুখপদে কৰণ নাই। পৰধৰ্ম্ম অহিংসাদি সুকৰ মানি প্ৰৱৰ্তিবে ইছা দেখি বোল, হে অৰ্জুন, সবঙ্গ সম্পন্ন পৰধম্মত কৰি অঙ্গহান স্বধৰ্ম্মকো শ্ৰেষ্ঠ জানিবা; যাতে স্বধৰ্ম্ম যুদ্ধত মৰয়ে স্বৰ্গ পাই, পৰধৰ্ম্মে পুনু নৰকক নেই। | ৰাগ দ্বেষৰ অধীন নহৈব বুলিছ, তাক অশ্য দেখি অনে পেছন্ত। হে শ্ৰীকৃষ্ণ, পুৰুষে পাপক অনৰ্থ জানি কৰিবে ইছা নকৰে, তথাপি কোনে প্ৰেৰিত নিমিত্তে কৰে, তাক মোত কহা। ভগৱন্তে বেলন্ত জানা অৰ্জ্জুন তুমি যেহেতু পুছিলা তাক এই কামকে জানিবা। যদি বোলা ক্ৰোধকো পূৰতে কহিছা, তাত শুনা। কামে প্ৰতিহত হৈলে ক্ৰোধৰূপে পৰিণাম হৱে, কামক জিনিলে ক্ৰোধক জিনা যাই, এতেকে দুইকো এক কৰি কহিলে।। কাম ৰজো গুণত উত্তৰ হুয়াছে। সত্ব বৃদ্ধি, ৰজোগুণ ক্ষয় হৈলে সে কামক জিনা যাই। আক সামদানে সাৰা নাযাই, যাতে উগ্ৰ, দুপুৰ, এতেকে আক শত্ৰু কৰিয়া জানিব। যেন অগ্নিক ধূমে, দৰ্পণক মলে, গৰ্ভক চৰ্ম্মে আবৰি থাকে, তেমনে কামে জ্ঞান আবৰিছে। অজ্ঞানী