পৃষ্ঠা:কথা-গীতা.djvu/৮০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২৬ কথা-গীতা। জ্ঞান অজ্ঞানীৰ কি বিশেষ হৈল, তাত না। অজ্ঞানী জনে অহঙ্কাৰে মােহিত হুয়া ইন্ডিয়ৰ কৰ্ম্মক মঞি কৰোঁ বুলি মানে। জ্ঞানী পুনু, ইন্দ্রিযে আপুনাৰ বিষয়ত প্ৰৱৰ্তে, মঞি নকৰে। মানিয়া আসক্তি নকৰে। প্ৰকৃতিৰ গুণে মূঢ় হৈয়া অজ্ঞানী- সব কৰ্ম্মত আসক্তি কৰে, জ্ঞানীসবে তাক নকৰিব, কিন্তু ঈশ্বৰত অপি কৰিব বুলিব। এমনে কহিলো জ্ঞানীননা কৰ্ম্ম কৰিবে লাগে। তুমি পুনু ইদানাক জ্ঞানী নতো হব , এতেকে অন্তর্যামীৰ অধীন হুয়া ঈশ্বৰৰ অৰ্থে নিষ্কামে মােত অর্পি কম্ম কৰা, শােক এৰি যুদ্ধক উঠা।। এই প্ৰকাৰে কৰ্ম্মকৰণৰ গুণ শুনা । যি সবে মােৰ বাক্যত শ্রদ্ধা কৰি দুখৰূপ কম্মত কেনে কৃষ্ণে প্রবান্ত, ইদোষ দৃষ্টি নকৰিয়া মােৰ মতক আচৰে সিয়ো জ্ঞানী সদৃশ কৰ্ম্মে মুক্ত হয়। আক নাচৰিলে দোষ শুনা। যি অসুয়া কৰি মােৰ মতক নাচৰে তাক জ্ঞানমূঢ় অচেতন জানিবা । যদি বোলা আক মহাফল জানি সকল লােকে কেনে ইন্দ্রিয়ক নিয়মি নিষ্কাম কৰ্ম্ম নকৰে, তাত শুনা। গুণ দোষ জানিয়ে পুৰুষে পূর্ব কম্মবাসনায়ে সেই কৰ্ম্মতেসে প্ৰৱৰ্ত্তে, নিষ্কাম কৰ্ম্ম কৰিতে নপাৰে। যদি পূর্ব কৰ্ম্ম বাসনায়ে প্রবৃত্তি হয়, তেবে বিধিনিষেধ বিফল হৈল, তাত শুনা। যদ্যপি সকল ইন্দ্ৰিয়ৰ আপুনাৰ বিষয়ত ৰাগ দ্বেষ আছে তথাপি তাৰ বশ্য নহৈব বুলি শাস্ত্রে নিয়ম কৰে। যাতে মুমুক্ষুসবৰ কামক্রোধ পৰম শত্রু, আৰ এমন অভিপ্রায়