পুৰুষৰ মোক্ষক লাগি কোনো জন আশ্ৰয় নাই। দেৱকৃত বিঘ্ন, জ্ঞান প্ৰাপ্তিৰ পূৰ্ব্বত যেখন কৰ্ম্ম কৰিছিল; জ্ঞান পাইলে পুনু সবাৰে প্ৰিয় হয়, তেবে কেওঁ বিঘ্ন নকৰে। এনয় জ্ঞানীৰ কৰ্ম্ম কৰিতে নলাগে, আনৰ নহে। এতেকে তুমি ফলত ইছা এড়ি অৱশ্যে নিত্যনৈমিত্তিক কৰ্ম্ম কৰা। অনাসক্ত হুয়া কৰ্ম্ম কৰিলে চিত্তশুদ্ধি জ্ঞানৰ দ্বাৰায় অনায়াসে মোক্ষ লভিবা। আত সদাচাৰ প্ৰমাণ লৱা। পূৰ্ব্বত জনকাদি ৰাজা সবে কৰ্ম্ম কৰি চিত্তশুদ্ধ হুয়া জ্ঞান লভিছে। যদি তুমি আপুনাক জ্ঞানী বুলি মানা, তথাপি লোকৰ সংগ্ৰহ দেখি কৰ্ম্ম কৰিবে যোগ্য হৱা। শ্ৰেষ্ঠ জনে যি কৰ্ম্ম কৰে প্ৰাকৃত জনে তাকে আচৰে, শ্ৰেষ্ঠে যি প্ৰমাণ মানে অন্যসবে তাকে অনু- সৰে। আত মোতে দৃষ্টান্ত বুঝিবা। মোৰ তিনিয়ো লোকত কিছো কৰ্ত্তব্য নাই, পাইবে লাগিয়ো কিছো নেদেখি, তথাপি মঞি কৰ্ম্ম কৰোঁ। যদি আলাসত কোনো দিন কৰ্ম্ম নকৰিলো, তেবে মোৰ পথকে সকল লোকে অনুসৰিব, তেবে কৰ্ম্মলোপে সকল লোক নষ্ট হৈব, তেবে যি বৰ্ণসঙ্কৰ হৈব, তাৰো মঞিসে কৰ্ত্তা হৈবোঁ। তেবে সকল লোকক মঞিসে নষ্ট কৰিলোঁ। এতেকে অজ্ঞানী আসক্ত হুয়া যেমনে কৰে, জ্ঞানী অনাসক্ত হুয়া তেমনে কৰিব। কদাচিতো অকৰ্ত্তাত্মবোধে অজ্ঞানীৰ বুদ্ধিভেদ নকৰিব, কিন্তু আপুনি আচৰি তাকো কৰাইব।, বুদ্ধি ভেদ কৰিলে কৰ্ম্মত শ্ৰদ্ধা এড়িব, জ্ঞানো নলভিব, উভয়এ ভ্ৰংশ হুয়া নষ্ট হৈব। যদি জ্ঞানীয়ো কৰ্ম্ম কৰিবে লাগে, তেবে
পৃষ্ঠা:কথা-গীতা.djvu/৭৯
অৱয়ব