তৃতীয় অধ্যায়।
এমনে দ্বিতীয় অধ্যায় প্ৰথমে মোক্ষ সাধন দেহাত্মবিবেক
কহিলা, পাচে কৰ্ম্ম কহিলা; কিন্তু গৌণ মুখ স্পষ্ট কৰি
নকহিলা। জ্ঞানীৰ, নিষ্কাম নিৰহঙ্কাৰ জিতেন্দিয় আদি গুণ
শুনি, কৰ্ম্মত কৰি জ্ঞানক শ্ৰেষ্ঠ মানি! অঙ্কুনে পোন্ত,
হে জনাৰ্দন, কৰ্ম্মযোগত কৰি যদি জ্ঞানযোগ শ্ৰেষ্ঠ হয় তবে
কেনে মোক হিংসা কৰ্ম্মত প্ৰবাৱা। কোনো বেলা কৰ্ম্মক
প্ৰশংসা, কতো জ্ঞানক প্ৰশংসা শুনি, মোৰ বুদ্ধি নিশ্চল নহে।
এতেকে দুইৰ মধ্যত একটা নিশ্চয় কৰি কহা, যাক আচৰি
মঞি মোক্ষ লভিম।
| আৰ উত্তৰ ভগৱন্তে কহন্ত। জানা তাৰ্জুন যদি মঞি
অন্যোন্য অপেক্ষা নকৰি মোক্ষ সাধন কৰি কৰ্ম্মযোগ
জ্ঞানযোগ কহিছোঁ, তেবে তুমাৰ প্ৰশ্ন দুইৰ মধ্যত
এক কহা বুলি ঘটে; মঞি পুনু তেমন নকহে। কিন্তু
দুয়ো মতে একে ব্ৰহ্মনিষ্ঠা কহিছে। ই লোকত শুদ্ধচিত্ত
অশুদ্ধচিত্ত ভেদে দুই বিধ অধিকাৰী। তাৰ অৰ্থে দুই বিধ
ব্ৰহ্মনিষ্ঠা পূৰ্ব অধ্যায়তে মঞি সৰ্বজ্ঞে স্পষ্ট মতে কহিছে,
তাক শুনা * শুদ্ধচিত্ত হুয়া জ্ঞানভূমিক যি পায়াছে, তাৰ
জ্ঞানযোগে ব্ৰহ্মনিষ্ঠা কহিছে, এতেকে চিত্তশুদ্ধি দ্বাৰা জ্ঞান
নহে পৰ্য্যন্ত কৰ্ম্মযোগ আচৰিব। যাতে কৰ্ম্ম নকৰিলে জ্ঞানে
নহে। যদি বোলা সন্যাসত হন্তে জ্ঞান হৈব, কৰ্ম্মত কি কাৰ্য?
পৃষ্ঠা:কথা-গীতা.djvu/৭৬
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
