পৃষ্ঠা:কথা-গীতা.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
তৃতীয় অধ্যায়।

তাত শুনা। চিত্তশুদ্ধি বিনে কেৱল সন্যাসত জ্ঞান নঘটে। কৰ্ম্মন্যাস পদেও কৰ্ম্মত অনাসক্ত মাত্র কহে। সমূলে কৰ্ম্মত্যাগ নঘটে। যাতে কোনাে অৱস্থাত কোনাে পুৰুষ কৰ্ম্ম নকৰি ক্ষণেকো নথাকে, স্বভাবৰ গুণে অৱশ্যে কৰ্ম্ম কৰাইব। এতেকে অজ্ঞানী কৰ্ম্মত্যাগীক নিন্দা কৰন্ত। যি পুৰুষে বাক্য- পাণি-পাদক নিগ্রহ কৰি মনে ভগৱন্তৰ ধ্যান ছলে বিষয়ক স্মৰি থাকে, অশুদ্ধচিত্তপদে ধ্যানতো স্থিতি নাই, তাক মূঢ় কপটাচাৰ বুলি। যি জ্ঞানেন্দ্ৰিয়ৰ বৃত্তি ভগৱন্তৰ অধীন মানি কৰ্ম্মেন্দ্ৰিয়ৰ কৰ্ম্মকো ভগৱন্তত অর্পণ কৰে সি চিত্তশুদ্ধি দ্বাৰায়ে জ্ঞান পাৱে। এতেকে তুমি হৰিত অৰ্পি নিত্যনৈমিত্তিক কৰ্ম্ম কৰা। অকৰণত কৰি কৰ্ম্মকৰণে শ্রেষ্ঠ। সকল কৰ্ম্ম এড়িলে তোমাৰ দেহ নিৰ্ব্বাহো নহৈব। সাংখ্য মতে সকল কৰ্ম্মকে বন্ধ বােলে। তাৰ উত্তৰ শুনা। ঈশ্বৰার্পিত কৰ্ম্ম বিনে আন কৰ্ম্মে বন্ধ কৰে। এতেকে তুমি বিষ্ণুৰ প্ৰীতিৰ অৰ্থে নিষ্কাম হুয়া কৰ্ম্মসব কৰা। মােৰ বাক্যত থাকি কৰ্ম্মকৰ্ত্তাসে শ্রেষ্ঠ। ব্ৰহ্মাৰ বচনতো কৰ্ম্মকৰণে শ্রেষ্ঠ। শুনা, পূৰ্ব্বত ব্রহ্মা যজ্ঞৰ অধিকাৰী ব্রাহ্মণাদি প্রজা স্ৰজিয়া বুলিলা যজ্ঞ কৰি তােৰা সব বৃদ্ধি হৱা। এই যজ্ঞে তােৰাৰ মনবাঞ্ছনি পূৰিব। যজ্ঞৰ লগতে আন কৰ্ম্ম বুঝিবা।

 সকাম কৰ্ম্মৰ প্রশংসা যদ্যপি গীতাৰ অভিমত নহে, তথাপি অকৰণত কৰি শ্ৰেষ্ঠপদে কহিলা। যদি বােলা কেমনে যজ্ঞে মনবাঞ্ছা পূৰিব, তাত শুনা। যজ্ঞৰ দ্ৰব্যে