সমললৈ যাওক

পৃষ্ঠা:কথা-গীতা.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
কথা-গীতা

মোৰ অংশ পদে নাইকা নহৱা, কিন্তু সততে থাকা। পৰমাৰ্থত জন্ম মৰণ নাই নিমিত্তে শোক নকৰিবা। যদি বোলা তুমি ঈশ্বৰৰ জন্ম মৰণ নাই, ই সত্য হয়, জীবৰ পনু জন্ম মৰণ প্ৰসিদ্ধ আছে, তাত শুনা। যেন দেহী পুৰুষৰ এই দেহাতে দেহ নিবন্ধন কৌমাৰ যৌবন জৰা অবস্থা হয, দেহান্তৰ প্ৰাপ্তিকো তেমনে বঝিবা। এতেকে যি ধীৰ হয় সি দেহৰ উৎপত্তি বিনাশত মোহ নাযাই। যদি বোলা মঞি বন্ধুসবক শোক নকৰো কিন্তু তাৰাৰ বিযোগে দুষখ পাইবো বুলি আপুনাকে শোক কৰো, তাত শুনা। যেন অনিত্য অস্থিৰ বিষযসম্বন্ধসব স্বভাবে পুৰুষক শীত-উষ্ণ সুখ-দুখ দেই, তেমনে হষ্টসংযোগবিযোগাদিয়ো সুখ-দুখ দেই, তাক সহন ধীৰৰ উচিত হয়। প্ৰতিকাৰ কৰণতো কৰি মহাফল সাধে পদে, সহনেসে ভাল দেখি যি ধাৰ জনক বিষয়সম্বন্ধসবে অভিভব নকৰে, সি সুখে-দুখে সম হুয়া, ধৰ্ম্মজ্ঞান দ্বাৰায়ে মোক্ষক লাগি যোগ্য হয়। যদি বোল৷ তথাপি শীত-উষ্ণ অতি দুঃসহ, তাক সহিতে কদাচিত আত্মা নষ্ট হবা পাৰে, তাত শুনা। পুৰুষৰ শীত-উষ্ণ সহিতে আত্মাও নষ্ট নহয়। মিথ্যা -তোষ্ণাদিৰ আত্মত স্থিতি নঘটয়। সত্য আত্মাৰ বিনাশ নাই। এই সন্ত অসন্তৰ তত্ত্বদৰ্শীসবে নিৰ্ণয় দেখিছে। এহ্নয় জ্ঞান হৈলে সবে সহিবে পাৰিবা। যি আত্মায়ে সকল দেহাদিক সাক্ষীৰূপে ব্যাপি আছে, তাঙ্ক অবিনাশী কৰি জানিবা; সেই অব্যয় আত্মাৰ বিনাশ কৰিতে কেঞো নপাৰে। এতেকে