পৃষ্ঠা:কথা-গীতা.djvu/৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দ্বিতীয় অধ্যায়। তাৰাৰ বধ অবশ্যে হৈব। যদি অধৰ্ম্মকে অঙ্গীকাৰ কৰো তথাপি আমাৰ জয় বা পৰাজয় অধিক তাকো নজাননা। আমাৰ জয়ে পুনু ফলত পৰাজয়সে হৈব। যাৰাক মাৰি আমৰা জীবাক ইছা নকৰিম, তাসবে যুদ্ধত সমুখে আছে। আৰাক মাৰি আমি কেমনে জীবো। এই কাৰ্পণ্য কুলক্ষয় দোষেও মোৰ সবে শূৰ স্বভাব গুচিল; যুদ্ধ এড়ি ক্ষত্ৰিয়ৰ ভিক্ষা ধৰ্ম্ম বা অধৰ্ম্ম আতে মূঢ়চিত্ত হৈলো। এতেকে তোমত পুছোঁ, যি শ্ৰেয়স হয়। তাক নিশ্চয় কৰি কহা। তোমাৰ মঞি শিষ্য হৈলো, চৰণত শৰণ লৈলো; এতেকে মোক শিখাৱা। যদি বোলা তুমি বিচাৰি যি যুক্ত হয়ে তাকে কৰা, তাত শুনা। মোৰ ইন্দ্ৰিয় শশাষণ শোক যি কৰ্ম্মে দূৰ কৰিব তাক নেদেখো। যদি ভূমিত অকণ্টকা সৰ্বসমৃদ্ধি ৰাজ্য পাঞো, দেৱৰ ইন্দ্ৰ যদি হঞে, তথাপি শোক নিবৃত্তিৰ উপায় নেদেখো। সঞ্জয়ে কহন্ত, এই বাক্য গোবিন্দক বুলি, গুড়াকেশ অৰ্জুনে মুযুঝিম বুলিয়া মৌনে ৰহিলা। হৃষিকেশ ভগৱন্তো হাস্যবদনে দেহাত্মবিবেক দেখাই তাহান মোহ দূৰ কৰিতে এই বাক্য বুলিলা; হে সখি অৰ্জুন, তুমি শোকৰ অবিষয় বন্ধু সবক শোক কৰা, তাত মঞি বোধ দিলেও পণ্ডিতসবৰ বাদ সব কহ, তুমি পুনু পণ্ডিত নহৱা; যি পুনু পণ্ডিত হয়, সি জীয়ন্তা মৰন্তা দুইকো শোক নকৰে। তাৰ হেতু শুনা; যেন মঞি অনাদি ঈশ্বৰ লীলতনু ধৰিতে এড়িতেয়ো নাইকা নহে, কিন্তু সদায়ে থাকে। তুমি এই জাসবে উপজি মৰিও