পৃষ্ঠা:কথা-গীতা.djvu/৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দ্বিতীয় অধ্যায়। পাচে কি প্ৰৱৰ্তিল এই অপেক্ষাত সঞ্জয়ে কহ, জানা ৰাজা, এমনে অৰ্জুন কৃপায়ে ব্যাপ্ত হুয়া শোকলোতকে আকুল নেত্ৰ হুয়া খেদ কৰিতে, অৰ্জ্জনক মধুসূদন ভগৱন্তে বুলিবে লাগিলা। হে পৰস্তুপ সখি, এই যুদ্ধসঙ্কটত কেনে তোমাৰ স্বতসে মোহ ভৈল, আক সাধুসবে নত কৰে, স্বৰ্গকো নসাধে, অধৰ্মো হয়, অকীৰ্তিকে কৰে। এতেকে তুমি কাতৰ নকৰিবা। তোমাত ই যোগ্য নহে। অন্যায় কাৰ্পণ্য এড়ি যুদ্ধক উঠা। অৰ্জুনে বোলন্ত হে মধুসূদন, মঞি কাতৰে যুদ্ধ এড়িলো, ই নহে; কিন্তু অন্যায় দেখিসে নিবৰ্তিলো তাক শুনা। ভীষ্মপিতামহ, দ্ৰোণগুক, দুইকো পূজা কৰিতে লাগে; যাক বচনত যুঝিম বুলিতে ভাল নহে, তাৰাক কেমনে শৰে যুগ্ধ কৰিম? যদি বোলা তেবে তোমাৰ দেহযাত্ৰাও মুহিবেক, তাত শুনা। পৰলোক অহিত গুৰু বধ নকৰি, ইহলোকত ভিক্ষান্ন ভোজনো উচিত হয়। শুকবধ কৰিলে পুনু ইহলোকত ৰুধিৰে লিপ্ত অৰ্থকামসব ভোজন কৰিম। যদি বোলা তেবে তাকে যুদ্ধত নিবৰ্তাৱা, সিয়ো নঘটয়। যুধিষ্ঠিৰৰ আগে ভীষ্মে কহিছা, অৰ্থৰ দাস পুৰুষ, অৰ্থ কাৰো দাস নহে, আক তুমি সত্যে জানিবা। এতেকে অৰ্থ দিয়া কৌৰবে আমাক বন্ধ কৰিছে, এহি কে জানি, তাৰা অৰ্থতৃষ্ণাকুল হুয়া যুদ্ধ এড়িবে নহে। এতেকে