পৃষ্ঠা:কথা-গীতা.djvu/৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
প্ৰথম অধ্যায়।

আমি সেই দোষ দেখি, কেনে পাপত নিবৃত্তি নহৈবো। আবে সেই দোষক শুনা। কুলক্ষয় হইলে কুলধৰ্ম্ম নষ্ট হুইব। ধৰ্ম্ম নষ্ট হৈলে অবশিষ্ট কুলকো অধৰ্ম্মে ব্যাপিব; অধৰ্ম্মে ব্যাপিলে কুলস্ত্ৰীসব দুষ্টা হুইব। স্ত্ৰীসব দুষ্টা হৈলে বৰ্ণসঙ্কৰ হৈব, বৰ্ণসঙ্কৰ হৈলে কুলৰ নৰক গতি হৈব। তেবে পিতৃসব লুপ্তপিণ্ডজলাঞ্জলি হুয়া পৰিব। এই দোষসবে জাতিধৰ্ম্ম কুলধৰ্ম্ম বৰ্ণাশ্ৰমধৰ্ম্ম নস্ট হুয়া মনুষ্যসব নৰকত বাস কৰিব। আক আমি স্মৃতিত শুনিছি; অহো কি কস্ট! মহাপাপ কৰিতে আমি নিশ্চয় কাৰলো; ৰাজ্য সুখ লোভে স্বজন বধিতে উদ্যত হৈলো; এমনে মহা তাপ কৰি মৰিতে নিশ্চয় কৰন্ত। মঞি অস্ত্ৰ নধৰি মৌনে ৰহো, তেবে যদি দুৰ্য্যোধনাদি অস্ত্ৰ ধৰি মোকে বধে তেবে মোৰ মহাপ্ৰিয় হয়, যাতো পাপ নিসিজিব। সঞ্জয়ে কহন্ত, জানা ৰাজা যুদ্ধৰ সমুখত অৰ্জ্জুনে এই বাক্য বুলি ধনুশৰ এডি শোকে কম্পিত হৈয়া ৰথৰ উপৰতে বসিলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং কবিৰত্নকৃতায়াং
সৈন্যদৰ্শনোনাম প্ৰথমোহধ্যায়ঃ॥ ১ ॥

 হে শ্ৰীকৃষ্ণ মোৰ পৰম গুৰু অন্তৰ্যামী হৃষিকেশ তুমি যি কৰাইলা আমি তাকেসে কৰি; এতেকে আমাৰ কিছো স্বতন্ত্ৰ নাই। তাক আপুনি জানি নিজ গুণে সন্তোষ হুয়া কিছো কৃপা কৰা, যেমনে সাধু সঙ্গত তযু গুণ গাইতে পাৰো। তোমাৰ চৰণপদ্মত মনে সহস্ৰ কৌটিবাৰ দণ্ডৱত কৰো। সামাজিক ডাকি হৰিবোল হৰি।

অন্তৰ্য্যন্তাসৰ্ব্বলোকস্য নাথঃ স্বাৰ্থং দাতুং মোহিতোযেনপাখাণ
তং সৰ্ব্বজ্ঞং চিদগুৰুং দেবদেবং বন্দে কৃষ্ণং কৃষ্ণসূতং শপ্ৰণাম॥