পৃষ্ঠা:কথা-গীতা.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কথা গীতা।

থাকিবে নপাৰো, মনো মহাভ্ৰম হয়, বিমঙ্গলসবো দেখোঁ, উপৰত শগুণ ফুৰে, শৃগালে আৰাৱ কৰে, যুদ্ধত স্বজনক বধি কিছো ফল নেদেখো, বিজযকো আকাঙ্ক্ষা নকৰো, ৰাজ্যকো ইছা নকৰো, সুখকো নবাঞ্ছো। হে গোবিন্দ, আমাৰ ৰাজ্য ভোগত জীবনত কি প্ৰযোজন। যি বন্ধসবৰ অৰ্থে আমৰা ৰাজ্যভোগ সুখক ইছা কৰি, সি বন্ধসব প্ৰাণধন ত্যাগক অঙ্গীকাৰ কৰি যুদ্ধত উপস্থিত হুযা আছে, তাক শুনা; আচাৰ্য্য পিতৃব্যপুত্ৰ পিতামহ মাতুল শশুৰ শ্যালা সমন্ধীসব। হে মধুসুদন, আৰা সদি আমাক মাৰে তথাপি আমি তাৰাক মাৰিবে ইছা নকৰি। ত্ৰৈলোক্য ৰাজ্যৰ অৰ্থেও বন্ধুসব নবধি, পৃথিবীমাত্ৰৰ পদে নবধিব তাক কি বুলিম। হে জনাৰ্দ্দন! ধৃতৰাষ্ট্ৰৰ পুত্ৰসব বধিলে, আমাৰ কি প্ৰীতি হৈব। যদ্যপি আৰা আমাক বিষ দিয়া মাৰিতে চাইছে, অগ্নিযো দিছে, ধন সৰ্ব্বস্বো হৰিছে, ৰাজ্যভাৰো কাঢ়ি লৈযা আছে, ভাৰ্য্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি যুঝিছে, এই ছয় দোষে আৰাসবে আততায়ী, অৰ্থশাস্ত্ৰৰ মতে আততায়ীক বধিলেয়ো দোষ নাই, তথাপি ধৰ্মশাস্ত্ৰক অপেক্ষায়ে আৰাক বধিলে আমাক দোষে পাইব। এতেকে ধৃতৰাষ্ট্ৰৰ পুত্ৰসব আমাৰ বান্ধৱ, তাৰাক বধিতে আমাৰ ভাল নহে যাতো বন্ধু- সবৰ বধ অন্যায় অধৰ্ম্মক দেখি। হে মাধৱ বন্ধুসব বধি কেজনে ইহুলোকত সুখী হইবোঁ। যদ্যপি আৰা লোভত থাকি কুলক্ষয় দোষ মিত্ৰদ্ৰোহ পাপকো নেদেখে, তথাপি