পৃষ্ঠা:কথা-গীতা.djvu/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


প্ৰথম অধ্যায়। পঞ্চপুত্ৰ সুভদ্ৰাৰ পুত্ৰ অভিমন্যু, আৰাসবো পৃথকে পৃথকে শঙ্খসব শব্দ কৰিলা। সেই শখৰ মহাশকে আকাশ পৃথিবী সমে দশোদিশ পূৰি, কৌৰব সেনাৰ মহাভয় জন্মাই হৃদয় বিদাৰণ কৰিলা। পাচে কপিধ্বজ অৰ্জ্জুনে কৌৰব সৈন্যক যুগ্ধত সমুখে থাকিবাৰ দেখি, অস্ত্ৰবৃঙিয়ো পৰিবে লাগিলে, গাণ্ডীৱ ধন্দু ধৰি হৃষিকেশ ভগবন্তক এই বাক্য বুলিল; হে অচ্যুত এই উভয় সেনাৰ মধ্যত মোৰ ৰথক ৰাখিয়ো, যাৱন্তে যুঝন্তা বীৰসবক চাঞে; বুলি তুমি ঘুঝাসে যুদ্ধচাবা নহৱা; তাত শুনা। মঞি কাৰ সমে যুদ্ধ কৰিম, দুবুদ্ধি দুৰ্য্যোধন প্ৰীতি কৰিবাক ইছাই যি যি বীৰসব আসিছে তাৰাক চাঞে; তাৱত দুই সেনাৰ মধ্যত উত্তম ৰথক ৰাখিবা। সঞ্জয়ে বোল, জানা ৰাজা, অৰ্জুনৰ এই বাক্য শুনি শ্ৰীকৃষ্ণে সকল ৰাজাৰ মাঝত ভীষ্ম দ্ৰোণ সমুখত দুই সেনাৰ মধ্যত উত্তম ৰথ ৰাখি বুলিল; হে পাৰ্থ, কুৰুৰীৰসবক চক্ষু মেলি দেখা; তাত অৰ্জ্জুনে পিতৃব্য পিতামহ আচাৰ্য মাতুল ভাতৃ ভাতৃপুত্ৰ পৌত্ৰ সখী শশুৰ সুহৃদসব দুয়ো সেনাত দেখিলা। সেই সকল বন্ধুসব যুদ্ধক ইছাই সমুখে থাকিবাৰ দেখি, পৰম কৃপায়ে ব্যাপ্ত হুয়া মহাখ পাষা কুন্তিপুত্ৰ অৰ্জ্জুনে শ্ৰীকৃষ্ণ এই বাক বুলিলা; হে কৃষ্ণ এই জ্ঞাতিসব মুঝিবে ইছায়ে যুদ্ধত উপস্থিত দেখি মোৰ কৰচৰণাদি ভাগি যাই, মুখ শুখাই, শৰীৰ কাম্পে, ৰোমো সিহঁৰে, গাণ্ডীৰ ধনু হাত খসি পড়ে, চৰ্ম্মো তাপ কৰে। আমোক বুঝিম আগত