পৃষ্ঠা:কথা-গীতা.djvu/১৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১২০ কথা-গীতা। সি মোত পৰম ভক্তি কৰে। অসংশয় হুয়া মোক পাবে। ত ই কৰি মনুষৰ মধ্যত কোনুজন মোৰ অত্যন্ত প্ৰিয়কাৰী নাই। ত ত বিনে মোৰ আন প্ৰিয়তম নাই। যি অৰ্থক নজানে পাঠ মাৰ কৰে তাৰৰ ফল শুনা। তুমাৰ আমাৰ সম্পাদক যি পাঠ কৰে সি সকল যজ্ঞত শ্ৰেষ্ঠ জ্ঞানযজ্ঞে মোক পূজা কৰে, এমনে মোৰ মতি হয়। যদি গীতাৰ অৰ্থ নুবুঝি পাঠ মাত্ৰ কৰে তথাপি তাকে নন্ত। মোকে প্ৰকাশ কৰে বুলি মোৰ বুদ্ধি হয়। যেন লোক নজানিয়ে কোনো জনে কাৰো নাম লৈলে তাক শুনি সি জনে মোক মাতৈ বুলি তাৰ সমীপক যাই, তেমনে মঞি গীতাৰ পাঠ শুনি তাৰ সমীপক যাঞ। যেন অজামিল বিপ্ৰৰ অভাস নাম গ্ৰহণ মাত্ৰে প্ৰসন্ন হৈলো। গীতা পাঠ কৰিতে যদি কোনো জনে শুনে তাৰে। ফল শুনা। শ্ৰদ্ধাযুক্ত হুয়া যি গীতা পাঠ শুনে, শ্ৰদ্ধালু হুয়ো কোনে উচ্চ কৰি পঢ়ে, কোনে বা অশুদ্ধ পঢ়ে এই অসুয়া নকৰি দিয়ে। সকল পাপে মুক্ত হুয়া পুণ্যবন্তৰ লোক পায়া অনুক্ৰমে মোক্ষ পাৰে। ভাল মতে যদি তুমাৰ বোধ নহৈল তেবে পুমু উপদেশ দে, এই আশয়ে কহন্ত। হে পাৰ্থ তুমি একাগ্ৰ মনে গীতা শুনিলা তেবে তুমাৰ অজ্ঞান মোহ নষ্ট হৈল। কৃতাৰ্থ হুয়া অৰ্জ্জুনে বোলন্ত। হে পৰমেশ্বৰ! তুমাৰ প্ৰসাদে মোৰ মোহ নষ্ট হৈল, জ্ঞানকো লভিলো, কৰ্ম্মতো সংশয় গুচিল, এতেকে যুদ্ধক লাগি উঠিলো, তুমাৰ আজ্ঞাক তবশেষ কৰিম।