পৃষ্ঠা:কথা-গীতা.djvu/১৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১৯
অষ্টাদশ অধ্যায়৷

সৰ্ব্বজ্ঞে গুহ্যৰো গুহ্য জ্ঞান কহিলো। এই গীতা শাস্ত্ৰক অশেষে বিচাৰি পাচে যেমন ইছা তেমন কৰা। আক বিচাৰিতে তোমাৰ মোহ আপুনি গুচিব। অতি গম্ভীৰ গীতা শাস্ত্ৰক অশেষে বিচাৰ কৰিতে অশক্য দেখি কৃপায়ে আপুনি তাৰ সাৰক উদ্ধৰি কহন্ত।

 সকল গুহ্যত কৰি গুহ্যতম বচনক পুনু মোত হন্তে শুনা। যাতে তুমি মোৰ অত্যন্ত প্ৰিয় ইষ্ট সখী, এতেকে তুমাৰ পৰম হিত কহো৷ হে অৰ্জ্জুন ! তুমি মোত চিত্ত দিয়া মোৰ ভক্ত হৱা মোক পূজা কৰা মোকে নমস্কাৰ কৰা। এমনে প্ৰবৰ্ত্তমান হুয়া মোৰ প্ৰসাদে জ্ঞান লভি মোক পাইবা। আত সংশয় নকৰিবা, যাতে তুমি মোৰ প্ৰিয় এতেকে সত্য কৰি মঞি প্ৰতিজ্ঞা কৰোঁ। তাতো কৰি গুহ্য কহন্ত৷ ভক্তিতে সবে হয় মানি দৃঢ় বিশ্বাসে বিধিকিঙ্কৰ ধৰ্ম্মক এড়ি মোত এক শৰণ হৱা। এমন হুয়া কৰ্ম্মত্যাগ নিমিত্ত পাপ হৈব বুলি শোক নকৰিবা, যাতে মোত এক শৰণপৰ তুমাক মঞি সকল পাপত হন্তে মোক্ষ কৰাইম। এমনে গীতাৰ অৰ্থ তত্ত্ব কহি তাৰ সম্প্ৰদায় প্ৰবৰ্ত্তন নিয়ম কহন্ত। এই গীতাৰ অৰ্থক তুমি স্বধৰ্ম্মহীনত নকহিবা, স্বধৰ্ম্ম কৰিও যদি গুৰু ঈশ্বৰত ভক্তি নকৰে তাত কদাচিতে নকহিবা, যি তুমাক পৰিচৰ্য্যা নকৰে তাতে নকহিবা; মঞি ঈশ্বৰক যি মনুষ্য দৃষ্টিয়ে দোষ আৰোপি নিন্দা কৰে তাতো নকহিবা।

 এতেকে দোষহীন ভক্তক যি গীতা উপদেশ দেই তাৰ ফল কহন্ত। এই পৰম গুহ্য গীতাৰ অৰ্থক যি মোৰ ভক্তৰ আগত কহে